ঐতিহাসিক ক্ষণৰ অপেক্ষাত থকাৰ সময়তে ঘটিল অঘটন। চন্দ্ৰপৃষ্ঠ পাবলৈ বাকী থকা মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে চন্দ্ৰযান–২ৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয় ইছৰ’ৰ। মহাকাশত সম্পৰ্ক বিচ্ছিন্ন হৈ পৰে লেণ্ডাৰ বিক্ৰমৰ সৈতে। ফাইন ব্ৰাকিং ফেছ পাওতেই ঘটিল অঘটনটো।
নিশা প্ৰায় ২বজাত চন্দ্ৰযান–২ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে ২.১ কিলোমিটাৰ বাকী থাকোতে লেণ্ডাৰ বিক্ৰমেৰ সৈতে যোগাযোগ কৰিব নোৱাৰা হৈ যায় ইছৰ’ই। ইছৰ’ৰ অধ্যক্ষ কে শিৱানে কৰিলে এই ঘোষণা। আৰু বিক্ৰমৰ সৈতে পুনৰ যোগাযোগ স্থাপনৰ বাবে বিজ্ঞানীসকলে চেষ্টা চলাই আছে বুলি জনালে ইছৰ’ৰ অধ্যক্ষগৰাকীয়ে।
উল্লেখ্য যে এতিয়ালৈকে চন্দ্ৰত মাত্ৰ ৩খন দেশেহে সফলভাৱে কৰিছে অৱতৰণ। ৰুছ, আমেৰিকা আৰু চীনহে সফল হৈছে চন্দ্ৰত অৱতৰণ কৰাত। কিন্তু কোনো এখন দেশেই চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱত উপস্থিত হোৱা নাছিল, পিছে চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱত অৱতৰণৰ দিশে আগবাঢ়িছিল ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-২। কিন্তু চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱত অৱতৰণৰ মাত্ৰ কেইটামান ক্ষণ বাকী থকাৰ সময়তে লেণ্ডাৰ বিক্ৰমৰ সৈতে যোগাযোগ বিচ্ছিন্ন ঘটে ইছৰ’ৰ সৈতে।
Photo Credit : indiatoday.in