24 C
Guwahati
Tuesday, May 18, 2021
More

    দিল্লীৰ ম’ষ্ট ৱাণ্টেড অপৰাধীক খেদি খেদি আটক চাৰ্লিছ এঞ্জেল খ্যাত উত্তৰ-পূবৰ ২ যুৱতীৰ

    উত্তৰ-পূবৰ এটা দলক একগোট কৰি অপৰাধীক আটক কৰাৰ বাবে এক বিশেষ দল গঠন কৰিছিল দিল্লী আৰক্ষীয়ে সেই দলটোৰেই এই দুই চাৰ্লিছ এঞ্জেল আৰক্ষী

    উত্তৰ-পূৱৰ দুগৰাকী মহিলা আৰক্ষীলৈ দিল্লী আৰক্ষীৰ সৰ্বোচ্চ সন্মান। দিল্লীৰ ম’ষ্ট ৱাণ্টেড অপৰাধীক খেদি খেদি কৰায়ত্ত কৰাৰ বাবেই এই স্বীকৃতি আৰক্ষী বিষয়া দুগৰাকীলৈ।

    বৰ্তমানে দিল্লী আৰক্ষীত চাৰ্লিছ এঞ্জেল নাম পাইছে হাগে বেবী আৰু এলিছা টাইলয়াং পেৰ্মে নামৰ দিল্লী আৰক্ষীত কৰ্মৰত দুয়েগৰাকী যুৱতীয়ে।

    দিল্লী আৰক্ষীৰ বিশেষ আৰক্ষী আয়ুক্ত ৰবিন হিবুৱে Time8ক জনোৱা অনুসৰি, দিল্লীৰ ৰাজপথত চাক্ষুস দৃষ্টিৰে দেখা পালে উত্তৰ-পূবৰ দুগৰাকী চাৰ্লিছ এঞ্জেলক।

    যিয়ে হলিউডৰ ছবিখনৰ দৰেই দিঠকতো দিল্লীৰ দুৰ্ধৰ্ষ অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

    উল্লেখ্য যে উত্তৰ-পূবৰ এটা দলক একগোট কৰি অপৰাধীক আটক কৰাৰ বাবে এক বিশেষ দল গঠন কৰিছিল দিল্লী আৰক্ষীয়ে।

    সেই দলটোৰেই এই দুই যুৱতী আৰক্ষী।

    দুয়োগৰাকী আৰক্ষী কনিষ্টবলৰ ঘৰ অৰুণাচলৰ জিৰো আৰু পাছিঘাটত। ২০১৬ চনত দুয়োগৰাকী কনিষ্টবলে SPUNERত যোগ দিছিল।

    এই ঘটনা সংঘটিত হৈছিল শনিবাৰ ৬ জুন তাৰিখে।

    দক্ষিণ দিল্লীৰ চাকেট এৰিয়াৰ এক নিয়মীয়া তালাচীৰ সময়তে দৃষ্টি গোচৰ হৈছিল সেই দুৰ্ধৰ্ষ অপৰাধী।

    যি অপৰাধীৰ নামত কমেও ১০ টা ডকাইতৰ গোচৰৰ লগতে চুৰিৰ গোচৰো আছে বহু।

    সেই ডকাইতে নিজৰ এজন সংগী সৈতে দ্ৰুত গতিত বাইক লৈ পলায়ন কৰিব ধৰোতেই কৰায়ত্ত হয় দুই চাৰ্লিছ এঞ্জেলৰ হাতত।

    Photo Credit : Delhi Police

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING