কৰ’ণা ভাইৰাছ মহামাৰীক গুৰুত্ব প্ৰদান কৰি ৰাইজৰ মাজত সজাগতা বিয়পাবলৈ চেন্নাই আৰক্ষীয়ে এক অসাধাৰণ উপায় অৱলম্বন কৰিছে। এজন স্থানীয় শিল্পীয়ে এজন আৰক্ষী বিষয়াৰ সৈতে মিলি লকডাউনৰ সময়ত মানুহক ৰাস্তালৈ ওলাই অহাত বাধা প্ৰদান কৰিবলৈ এটা অসাধাৰণ ‘কৰ’ণা হেলমেট’ প্ৰস্তুত কৰি তুলিছে। ৰাজপথত ২৪ ঘণ্টা সেৱা প্ৰদান কৰি থকা আৰক্ষীয়ে ক’লে যে হেলমেট লোকক সজাগ কৰি তুলিবলৈ দৰকাৰী হিচাপে প্ৰমাণিত হৈছে।
কৰ’ণা হেলমেট পিন্ধা আৰক্ষী পৰিদৰ্শক ৰাজেশ বাবুয়ে ক’লে যে ইয়াৰ দ্বাৰা পজিটিভ প্ৰভাৱ পৰিছে। ইফালে হেলমেট ডিজাইন কৰা শিল্পী গৌতমে এটা নিউজ এজেঞ্চীক জনাই যে বহু সংখ্যক লোকে Covid-19ৰ পৰিস্থিতি গুৰুত্ব সহকাৰে লোৱা নাই যদিও আৰক্ষীসকলে ২৪ ঘণ্টা ধৰি নিজৰ কৰ্মত নিয়োজিত হৈ আছে যাতে কোনো লোক ঘৰৰ পৰা ওলাই আহিব নোৱাৰে ।

ৰাজপথত কৰ’ণা হেলমেট পিন্ধি ঘৰৰ পৰা ওলাই অহা লোকসকলক সজাগতাৰ আহ্বান জনোৱা আৰক্ষী অঘীক্ষক ৰাজেশ বাবুয়ে কয় যে আমি সকলো পদক্ষেপ গ্ৰহণ কৰিছো কিন্তু বহুসংখ্যক লোক ৰাজপথলৈ ওলাই আছে। ইয়াৰ বাবে এই কৰ’ণা হেলমেটৰ পদক্ষেপ গ্ৰহণ কৰিছো যাতে তেওঁলোকে আৰক্ষীৰ কথা গাম্ভীৰ্যপূৰ্ণভাৱে গ্ৰহণ কৰে।
Photo credit: jagran.com