শ্বাহজহনপুৰ ঘটনা সন্দৰ্ভত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্বামী চিন্ময়ানন্দৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ উত্থাপন কৰা যুৱতীক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। যুৱতীগৰাকীৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগ। এই সন্দৰ্ভত এটা ভিডিঅ’ পোহৰলৈ আহিছিল আৰু তাৰ পিছতে যুৱতীগৰাকী আৰু ৩ বন্ধুৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল।
ইয়াৰ পূৰ্বে SITৰ দলে বুধৱাৰে পুৱা প্ৰায় ৯.১৫ বজাত যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। SIT-এ কোটৱালী আৰক্ষীৰ সহযোগত যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে। যুৱতীগৰাকীক জিলা হাস্পতাললৈ নি মেডিকেল কৰোৱা হৈছিল।

গ্ৰেপ্তাৰ সন্দৰ্ভত উত্তৰ প্ৰদেশ আৰক্ষীৰ DGP অপী সিঙে ক’লে যে SIT-এ স্বামী চিন্ময়ানন্দৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা আইনৰ ছাত্ৰীগৰাকীক ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।
photo credit: indiatoday.in