CAAৰ বিৰোধিতাৰে দিল্লীৰ জামা মছজিদৰ বাহিৰত প্ৰতিবাদ; কটকটীয়া ব্যৱস্থা আৰক্ষীৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
ৰাজধানী দিল্লীত CAAৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত। জামা মছজিদৰ বাহিৰত মুছলমান সম্প্ৰদায়ৰ লোকে CAAৰ বিৰুদ্ধে দিয়ে ধৰ্ণা
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশৰ কেইবাটাও প্ৰান্তত প্ৰতিবাদ অব্যাহত আৰু এই প্ৰতিবাদে ধাৰণ কৰিছে হিংসাত্মক ৰূপ। দিল্লীৰ পৰা মুম্বাই আৰু লক্ষ্ণৌৰ পৰা বেংগালুৰুলৈ প্ৰতিবাদকাৰীয়ে বিৰোধিতা কৰিলে এই আইনৰ। বৃহস্পতিবাৰে এই প্ৰতিবাদৰ সময়তে লক্ষ্ণৌত এজন আৰু মেংলুৰুত ২জনৰ মৃত্যু হয়। দিল্লীৰ জামা মছজিদৰ বাহিৰত শুকুৰবাৰে যথেষ্ট সংখ্যক প্ৰতিবাদকাৰী একত্ৰিত হয়।

ৰাজধানী দিল্লীত চাবৰী বাজাৰ, লালকিল্লা, জামা মছজিদ মেট্ৰ’ ষ্টেচনসমূহ বন্ধ কৰি দিয়া হৈছে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ ফলতে এই পদক্ষেপ গ্ৰহণ কৰা হয়। দ্বাৰকা আৰু নজফগৰত ১৪৪ ধাৰা জাৰি।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লীত কেইবাটাও এলেকাত প্ৰতিবাদ অব্যাহত। দিল্লী মহিলা কংগ্ৰেছৰ কৰ্মীয়েও প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লী মহিলা কংগ্ৰেছ কৰ্মীসকলে গৃহ মন্ত্ৰী অমিত শ্বাহৰ ঘৰৰ বাহিৰত কৰে প্ৰতিবাদ।

ৰাজধানী দিল্লীত CAAৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত। জামা মছজিদৰ বাহিৰত মুছলমান সম্প্ৰদায়ৰ লোকে CAAৰ বিৰুদ্ধে দিয়ে ধৰ্ণা।

Photo credit: @ShivAroor twitter

Related Post