আজি কলকাতাৰ ৰাজভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সাক্ষাৎ হয়। নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত হৈ থকা তীব্ৰ মতানৈক্যৰ মাজতে সাক্ষাৎ হয় দুয়োগৰাকীৰ।
CAAৰ সপক্ষে কেন্দ্ৰত বিজেপিয়ে অব্যাহত ৰাখিছে অভিযান আনহাতে TMCৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে ধাৰাবাহিকভাৱে CAAৰ বিৰুদ্ধে কৰিছে ৰোড শ্ব’। সাক্ষাতৰ পিছত মমতা বেনাৰ্জীয়ে ক’লে যে মই প্ৰধানমন্ত্ৰীক মোদীক CAA, NRC আৰু NPR প্ৰত্যাহাৰ কৰাৰ অনুৰোধ জনাইছো। লগতে বিত্তীয় সন্দৰ্ভতো আলোচনা কৰিলে সাক্ষাতকালত।
I told PM to withdraw CAA, NPR and NRC: Mamata
— Press Trust of India (@PTI_News) January 11, 2020
শনিবাৰে যেতিয়া প্ৰধানমন্ত্ৰী মোদী কলকাতাত উপস্থিত হৈছিল সেই সময়ত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে বিমানবন্দৰৰ বাহিৰত আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিলে।
Photo credit: abplive.com