25 C
Guwahati
Tuesday, June 22, 2021
More

    কয়লা খনন কাল হৈ আহিছে মেঘালয়ৰ বাবে, মুষলধাৰ বৰষুণৰ পিছতে খহি অহা বোকা-মাটিয়ে হেচা মাৰি ধৰিছে বহু ঘৰ

    ৰিনজি জলপ্ৰপাতে লৈছে ভয়ংকৰ ৰূপ

    অসমৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য দিহিং পাটকাইত কয়লা খননৰ অনুমতি দিয়াৰ বাবে তীব্ৰ বিৰোধীতা চলি থকাৰ মাজতেই চুবুৰীয়া ৰাজ্য মেঘালয়ত কয়লা খননে দেখুৱাইছ সংহাৰী ৰূপ। কেইবাদিনো ধৰি দি থকা মুষলধাৰ বৰষুণৰ পিছতে খহি অহা বোকা-মাটিয়ে হেচা মাৰি ধৰিছে বহু ঘৰ। জোৱাই আৰু জয়ন্তীয়া হিলছত প্ৰকৃতিৰ এই সংহাৰী ৰূপ।

    বিগত কেইবাদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ বাবেই অসমৰ চুবুৰীয়া ৰাজ্যখনত এই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে। জয়ন্তীয়া হিলছৰ ৰিনজি জলপ্ৰপাতে লৈছে অতি ভয়াৱহ ৰূপ। খহি অহা বোকা-মাটিয়ে ভাঙি পেলাইছে বহু ঘৰ। মেঘালয়ৰ জোৱাইৰ ছাংপুঙত চকুৰ সন্মুখতে খহি গৈছে পথ।

    বৰষুণৰ বাবে এতিয়া ৰাজ্যখনত ভয়ংকৰ ভূমিস্খলন। যাৰ বাবে আতংকিত হৈ পৰিছে মেঘালয়ৰ ৰাইজ। মুষলধাৰ বৰষুণৰ পিছত খহি আছে পাহাৰৰ বৃহৎ খণ্ড। খহি অহা বোকা-মাটিয়ে ভাঙি পেলাইছে অট্টালিকা। ঘৰৰ ভিতৰত সোমাইছে প্ৰকাণ্ড প্ৰকাণ্ড শিল। সাগৰ সদৃশ হৈ পৰিছে ৰাজপথ।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING