বিলাসীপাৰা মহকুমা আছুৰ কাৰ্যালয় লণ্ডভণ্ডঃ এজনক আটক; প্ৰকৃত দোষীক আটক কৰাত আৰক্ষী ব্যৰ্থ বুলি দাবী আছুৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
বিলাসীপাৰা মহকুমা আছুৰ নেতা কৰ্মীয়ে মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে আৰু ঘটনাত জড়িত দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক সকীয়নি প্ৰদান কৰিছিল, অন্যথা ব্যাপক আন্দোলনৰ কাৰ্যসূচী হাতত তুলিব হুংকাৰ দিছিল
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo : Time8
Photo : Time8

ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা আছুৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগত বুধবাৰে আৰক্ষীয়ে এজনক আটক কৰিছে। আৰক্ষীয়ে নিছান আলী শ্বেখ নামৰ মদাহী যুৱক এজনক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । কিন্তু এই কথাত আশ্বস্ত হ’ব পৰা নাই আছুৰ নেতৃবৃন্দ। বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত হাতীপোতা ২য় খণ্ড গাঁৱৰ নিছান আলী নামৰ যুৱক এজনক আৰক্ষীয়ে আটক বুলি জানিব পৰা গৈছে। আটকাধীন যুৱকজন কোনো দল সংগঠনৰ সৈতে জড়িত নহয় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

আৰক্ষীৰ মতে মদৰ ৰাগীত মাতাল হৈ যুৱকজনে সোমবাৰে নিশা আছুৰ কাৰ্যালয়টো লণ্ডভণ্ড কৰাৰ লগতে বিনষ্ট কৰিছিল সুধাকণ্ঠ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, শ্বহীদ কনকলতা, বিষ্ণু প্ৰসাদ ৰাভাৰ আলোকচিত্ৰ। এই ঘটনাই সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে বিলাসীপাৰা মহকুমা আছুৰ নেতা কৰ্মীয়ে মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে আৰু ঘটনাত জড়িত দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক সকীয়নি প্ৰদান কৰিছিল, অন্যথা ব্যাপক আন্দোলনৰ কাৰ্যসূচী হাতত তুলিব হুংকাৰ দিছিল। আৰক্ষীয়ে অভিযান চলাই বুধবাৰে বিয়লি নিছান আলী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Photo : Time8

প্ৰণিধানযোগ্য যে আৰক্ষীয়ে আটক কৰা যুৱকজন মানসিক ভাৱে সামান্য অসুস্থ বুলিও আৰক্ষী সুত্ৰে জানিব পৰা গৈছে। সেয়ে এই ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ অৱকাশ নাই বুলি আৰক্ষীয়ে মন্তব্য কৰিছে। উল্লেখ্য যে প্ৰকৃত দোষীক আটক কৰিবলৈ আৰক্ষী ব্যৰ্থ হৈছে বুলি দাবী কৰিছে আছু নেতা কৰ্মীয়ে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত এজন মদাহী তথা মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰি দায় সাৰিব বিচাৰিছে বুলি দাবী কৰে আছু নেতাকৰ্মীয়ে।

Related Post