Home Khabar অসম মোদী আৰু অমিত শ্বাহৰ কথাৰ মিল নাই, এনে অৱস্থা হ’লে দেশ চলিব...

মোদী আৰু অমিত শ্বাহৰ কথাৰ মিল নাই, এনে অৱস্থা হ’লে দেশ চলিব কেনেকৈঃ আব্দুল খালেক

কা বিৰোধী আন্দোলনত মাত মাতিলেই চৰকাৰে ৰাষ্ট্ৰদোষৰ গোচৰ লগায়। অখিল গগৈয়ে কোনো ৰাষ্ট্ৰদোষ কৰা নাই

0

কংগ্ৰেছ সাংসদ আব্দুল খালেক সৰৱ হৈ উঠিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে। দিল্লীৰ ৰামলীলা মৈদানত অনুষ্ঠিত জনসভাত মোডীয়ে দেশত ডিটেনশ্যন কেম্প নাই বুলি কোৱা কথাই চৰকাৰৰ মিথ্যাচাৰ প্ৰমাণ কৰিছে বুলি কয় আব্দুল খালেকে।

মোদী আৰু অমিত শ্বাহৰ কথাৰ মিল নাই। দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ এনে অৱস্থা হ’লে দেশ কেনেকৈ চলিব বুলিও প্ৰশ্ন কৰে সাংসদগৰাকীয়ে। কা বিৰোধী আন্দোলনত মাত মাতিলেই চৰকাৰে ৰাষ্ট্ৰদোষৰ গোচৰ লগায়। অখিল গগৈয়ে কোনো ৰাষ্ট্ৰদোষ কৰা নাই। অখিল গগৈক বিনা চৰ্তত মুক্তি দিব লাগে বুলি দাবী জনায় কংগ্ৰেছৰ সাংসদগৰাকীয়ে।

Photo Credit:@Abdul Khaleque

Exit mobile version