দেশত তৃতীয় লকডাউন আৰম্ভ হোৱাৰ দিনটোতে অৰ্থাৎ সোমবাৰ ৪ মে’ৰ দিনা কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। দেশৰ ভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ যি সকলে নিজ নিজ ঘৰলৈ যাবলৈ বৰ্তামনে ব্যাকুল হৈ আছে সেইসকলৰ প্ৰয়োজন অনুসাৰে ৰে’ল যাত্ৰাৰ খৰচ বহন কৰিব কংগ্ৰেছ পাৰ্টীয়ে।
এক বিবৃতি যোগে কংগ্ৰেছ অধ্যক্ষাগৰাকীয়ে কয় যে এই সংকট কালত চৰকাৰ তথা ৰে’ল বিভাগে অৰ্থ আৰু খাদ্য সংকটত ভোগা বহিঃৰাজ্যত আৱদ্ধ গৈ থকা ঘৰলৈ উভতনি যাত্ৰা কৰা শ্ৰমিক সকলৰ পৰা ৰে’লৰ টিকতৰ ভাড়া আদায় লৈছে। যিটোৱে তেঁওক বহুত বিচলিত কৰি তুলিছে। সেয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে শ্ৰমিক সকলৰ বাবে।
লগতে অধ্যক্ষাগৰাকীয়ে ইয়াকো কয় যে, শ্ৰমিক সকল দেশৰ ৰাজহাড়। ৰাজহাড় মজবুত হ’লেহে এখন দেশ থিয় হৈ থাকিব পাৰিব। লগতে এই শ্ৰমিক সকলেই দেশৰ ভেটিও, ভেটি শক্তিশালী হ’লেহে দেশ শক্তিশালী হয়।
Photo Credit: Economics Times