দেশজুৰি কৰ’ণা ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ। মাৰ যোৱা নাই কৰ’ণাৰ ত্ৰাস। বৃদ্ধি হৈ গৈয়ে কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৪,২১৩জন লোক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি কৰ’ণাত আক্ৰান্ত হৈ ২৪ ঘণ্টাত মৃত্যু হৈছে ৯৭জন লোকৰ। মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী আৰু তামিলনাডুত কৰ’ণা ভাইৰাছত সৰ্বাধিক লোক সংক্ৰমিত হৈছে।
দেশজুৰি বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ২২০৬জনৰ মৃত্যু হৈছে। ইফালে এইপৰ্যন্ত আক্ৰান্ত হৈছে ৬৭,১৫২গৰাকী লোক আৰু এতিয়ালৈকে সুস্থ হৈ উঠিছে ২০,৯১৬জন লোক। বৰ্তমানো সক্ৰিয় আক্ৰান্তৰ সংখ্যা হ’ল ৪৪,২০৯জন।
ভাৰতৰ ভিতৰত সৰ্বাধিক কৰ’ণাত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰৰ লোক। ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত হৈছে মুঠ ২২, ১৭১জন লোক। মহাৰাষ্ট্ৰত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৩২জন লোক। দ্বিতীয় স্থানত আছে গুজৰাট। গুজৰাটত আক্ৰান্ত হৈছে ৮,১৯৪জন লোক। ৰাজ্যখনত ৪৯৩জন লোকে প্ৰাণ হেৰুৱাইছে।
তৃতীয় স্থানত আছে তামিলনাডু। তামিলনাডুত আক্ৰান্ত হৈছে ৭২০৪ জন লোক আৰু মৃত্যু মুখত পৰিছে ৪৭জন লোক। চতুৰ্থ স্থানত আছে দিল্লী। দিল্লীত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৬৯২৩ জন লোক আৰু মৃত্যু হৈছে ৭৩জন লোকৰ। পঞ্চম স্থানত আছে ৰাজস্থান। ৰাজস্থানত আক্ৰান্ত হৈছে ৩৮১৪জন লোক আৰু প্ৰাণ হেৰুৱাইছে ১০৭জন লোকে।
Photo credit: businesstoday.in