Skip to content

দেশত মুঠ কৰণা আক্ৰান্তৰ সংখ্যা ৭,৪৪৭জনলৈ বৃদ্ধি, এইপৰ্যন্ত ২৩৯জনে হেৰুৱাইছে প্ৰাণ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
স্বাস্থ্য মন্ত্ৰালয়ে ক'লে যে যথাসময়ত লক ডাউন নকৰিলে ২ লাখলৈ বৃদ্ধি পালেহেঁতেন কৰণা আক্ৰান্তৰ সংখ্যা
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

ভাৰতত লকডাউনৰ মাজতে কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস বৃদ্ধি হৈ গৈয়ে আছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত কৈছিল যে- লকডাউনৰ কথা কয় মই কৈছিলো যে- ‘জান হ্যে তো জহান হ্যে’। মই সমগ্ৰ দেশবাসীলৈ বাৰ্তা প্ৰেৰণ কৰিছিলো যে প্ৰতিগৰাকী নাগৰিকৰ প্ৰাণ ৰক্ষা কৰিবলৈ লকডাউন আৰু সামাজিক দূৰত্ব মানি চলাটো প্ৰয়োজনীয়। বিগত ২৪ ঘণ্টাত বৰ্তমানলৈ আটাইতকৈ অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি ২৪ ঘম্টাত কৰ’ণা পজিটিভৰ ১০৩৫টা নতুন ঘটনা পোহৰলৈ আহিছে আৰু ৪০জন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগতে সমগ্ৰ দেশত কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা হ’লগৈ ৭,৪৪৭জন আৰু মুঠ ২৩৯জন লোকে মৃত্যুক সাৱটিছে। ৬৪৩জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে।

স্বাস্থ্য মন্ত্ৰালয়ে ক’লে যে যথাসময়ত লক ডাউন নকৰিলে ২ লাখলৈ বৃদ্ধি পালেহেঁতেন কৰণা আক্ৰান্তৰ সংখ্যা। ICMRয়ে ক’লে যে আজিলৈ ১.৭ লাখতকৈ অধিক লোকৰ ছেম্পল টেষ্ট কৰা হৈছে। শুকুৰবাৰৰ দিনটোত ১৬৫৬৪টা টেষ্ট কৰা হৈছে।

Photo credit: WION

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp