ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জাৰি কৰা তথ্য অনুসৰি ১ জুনৰ পিছৰে পৰা পশ্চিম বংগত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে।
ঝাৰখণ্ড, ওড়িশা, বিহাৰৰ পিছত পশ্চিমবংগত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।
এই ৰাজ্যখনতে আটাইতকৈ অধিক প্ৰৱাসী শ্ৰমিকে প্ৰৱেশ কৰিছিল।
লকডাউনৰ বাবে চাকৰি হেৰুওৱা প্ৰৱাসী শ্ৰমিকসকলে পলায়ন কৰিছিল তামিলনাডু, গুজৰাট, মহাৰাষ্ট্ৰ, তেলেংগানা আৰু কৰ্ণাটকৰ পৰা।
কেন্দ্ৰই ৩০ মে’ত আনলক ১.০ৰ ৩টা পৰ্যায়ৰ কথা ঘোষণা কৰিছিল।
আনলক ১.০ৰ সময়ছোৱাত লকডাউনত জাৰি কৰা নিষেধাজ্ঞা কিছু শিথিল কৰা হৈছে।
আৰু ১ জুনৰ পৰা আন্তঃৰাষ্ট্ৰীয় আহ-যাহৰ অনুমতি প্ৰদান কৰা হৈছিল।
উচ্চতম ন্যায়ালয়ত দাখিল কৰা এফিডেভিট অনুসৰি বৰ্তমানলৈ ১ কোটি প্ৰৱাসী শ্ৰমিক নিজৰ ঘৰলৈ ৰাওনা হৈছে।
কেন্দ্ৰৰ তৰফৰ পৰা চলোৱা শ্ৰমিক ৰে’লযোগে প্ৰৱাসী শ্ৰমিকসকল বিহাৰ, ওড়িশা আৰু ঝাৰখণ্ডলৈ গৈছে।
এই প্ৰৱাসী শ্ৰমিকৰ সংখ্যা ১ মে’ৰ পৰা জুনৰ প্ৰথম সপ্তাহৰ।
প্ৰৱাসী শ্ৰমিকসকল অহাৰ বাবে এই ৰাজ্যসমূহত কৰ’ণা আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে
যদিও মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডুতকৈ আক্ৰান্তৰ সংখ্যা কম।
জুনৰ আৰম্ভণিৰ ৮টা দিনত পশ্চিমবংগত ৩,৩০০জন লোক নতুনকৈ আক্ৰান্ত হৈছে। আনহাতে মে’ৰ আৰম্ভণিৰ ৮টা দিনত ইয়াৰ সংখ্যা আছিল ১,০৪২।
ইফালে ঝাৰখণ্ডত জুনৰ আৰম্ভণিতে ৬১০জন লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু মে’ মাহত ইয়াৰ সংখ্যা আছিল ৩৬০।
ঝাৰখণ্ডত কৰ’ণা আক্ৰান্তৰ সংখ্যা ১,২৯০। একেধৰণে ওড়িশাত কৰ’ণা আক্ৰান্তৰ সংখ্যা হৈছে ২,৯৯৪।
প্ৰৱাসী শ্ৰমিকৰ বাবে কৰ’ণা আক্ৰান্তৰ সংখ্যা ৭২ শতাংশলৈ বৃদ্ধি পাইছে।
বিহাৰৰ স্বাস্থ্য মন্ত্ৰী লোকেশ কুমাৰ সিঙে ক’লে যে,
ৰাজ্যত ৩ৰ পৰা ৫ জুনৰ মাজত ১,৪৯১খন শ্ৰমিক ৰে’লৰ সহায়েৰে ২০ লাখ প্ৰৱাসী শ্ৰমিক উপস্থিত হৈছে।
মধ্য প্ৰদেশৰ স্বাস্থ্য বিষয়াই ক’লে যে,
৬৫ শতাংশ লোক সুস্থ হৈ উঠিছে যদিও প্ৰতিদিনে বৃদ্ধি পাই আছে কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা।
ওড়িশা চৰকাৰে ক’লে যে বিগত ১৫ দিনত কোৱাৰেণ্টাইন কেন্দ্ৰত থকা ১,৫৫৭জন প্ৰৱাসী শ্ৰমিকৰ ভিতৰত ৮০ শতাংশ কৰ’ণাত আক্ৰান্ত হৈছে।
২৫ মে’ত পশ্চিমবংগত কৰ’ণা আক্ৰান্ত লোকৰ সংংখ্যা আছিল ৩,৮১৬জন আৰু এই সংখ্যা বৃদ্ধি হৈ হৈছে ৮,৬১৩জন।
ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিলে যে ভৰতীয় ৰে’লৱে কাৰ লগত আছে।
কোনে প্ৰৱাসী শ্ৰমিকসকলক গৰু-ছাগলীৰ দৰে ৰে’লত উঠাৰ অনুমতি প্ৰদান কৰিলে।
Photo credit: PTI