বিশ্বৰ লগতে ভাৰততো মৃত্যুৰ কিৰিলি অব্যাহত ৰখিছে কৰ’ণা মহামাৰীয়ে। স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি বৰ্তমানলৈ দেশ খনত মুঠ আক্ৰান্তৰ সংখ্যা ৭৪২৮৯ হাজাৰ। ইয়াৰে ভিতৰত এই পৰ্যন্ত দেশত মৃত্যু হৈছে ২৪১৫ গৰাকী লোকৰ। যি সংখ্যা হয়তো আজিৰ ভিতৰতে ২৫০০ অতিক্ৰম কৰাৰ সম্ভাৱনা।
আনহাতে মুঠ আক্ৰান্তৰ ভিতৰত সুস্থ হৈ ঘৰলৈ যাত্ৰা কৰিছে ২৪৩৮৫ গৰাকী লোকে। কৰ’ণা মহামাৰীয়ে দেশৰ ভিতৰত সৰ্বাধিক প্ৰভাৱ পেলোৱা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত এই পৰ্যন্ত ২৪ হাজাৰৰো অধিক লোক কভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৯২১ গৰাকী লোকৰ।
আনহাতে দিল্লীত ৭৬৩৯ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে আৰু ৮৬ গৰাকী লোকৰ মৃত্যু হৈছে। ইফালে বিশ্বজুৰি ৪৩লাখৰো অধিক লোক এই ভাইৰাছবিধৰ কৱলত পৰিছে। মৃত্যুৰ সংখ্যা ৩ লাখৰ ওচৰা ওচৰি।
বিশ্বৰ ভিতৰতে সৰ্বাধিক কভিডত আক্ৰান্ত হৈছে আমেৰিকাৰ লোক, ১৪লাখৰো অধিক লোক। ইয়াৰে ভিতৰত মৃত্যু হৈছে ৮৩ হাজাৰৰো অধিক লোক।
Photo Credit: India TV