ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। বিগত ২৪ ঘণ্টাত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা উৰ্দ্ধগামী হৈছে। ২৪ ঘণ্টাত ৬,৬৫৪জন লোক নতুনকৈ আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত, আনহাতে ১৩৭জন লোকৰ মৃত্যু হৈছে এই ভাইৰাছৰ ফলত।
চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজতো হ্ৰাস পোৱা নাই কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। এইপৰ্যন্ত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১,২৫,১০১জন। ভাৰতত কৰ’ণাত সক্ৰিয় লোকৰ সংখ্যা হৈছে ৬৯,৫৯৭জন। ইফালে বৰ্তমানলৈ দেশত ৩,৭২০জন লোকৰ মৃত্যু হৈছে কৰ’ণাত আক্ৰান্ত হয়। স্বাস্থ্য মন্ত্ৰালয়ে এই সংখ্যা প্ৰকাশ কৰিছে।
সুখবৰ এইটো যে কৰ’ণাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। ভাৰতত কভিড১৯ মহামাৰীৰ পৰা সুস্থ হৈ উঠিছে ৫১,৭৮৩জন লোক। সুস্থ হোৱা লোকসকলক ঘৰলৈ যাবলৈ দিয়া হৈছে।
মহাৰাষ্ট্ৰত যথেষ্ট নিষেধাজ্ঞাৰ পিছতো কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈয়ে আছে। ৰাজ্যখনত বৰ্তমানলৈ ৪৪,৫৮২জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে। সুস্থ হৈ উঠিছে ১২,৫৮৩জন লোক, লগতে এইপৰ্যন্ত ১,৫১৭জন লোকৰ মৃত্যু হৈছে।
Photo credit: PTI