28 C
Guwahati
Tuesday, July 27, 2021
More

    WHOৰ সতৰ্কবাণী, নৰযজ্ঞ চলোৱা কৰ’ণা হয়তো কোনোদিনেই শেষেই নহ’ব

    বিশ্বই ইয়াৰ সৈতে জীয়াই থকাৰ অভ্যাস কৰিব লাগিব

    বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, কৰ’ণাৰ সৈতে যুঁজ দি থাকিব লাগিব মানৱ জাতিয়ে। মানৱ জাতিৰ কাষৰ পৰা যাব পৰা ভাইৰাছ নহয় এই কৰ’ণা। কৰ’ণা ৰাষ্ট্ৰ সমূহে উচ্চ পৰ্যায়ৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব। মানৱ জাতিয়ে এই ভাইৰাছবিধৰ ওপৰত কেতিয়া বিজয় সাব্যস্ত কৰিব পাৰিব সেয়া কব পৰা নাযায় বুলি WHOৰ সতৰ্কবাণী। লগতে বিশ্বই ইয়াৰ সৈতে জীয়াই থকাৰ অভ্যাস কৰিব লাগিব বুলিও দোহাৰে বিশ্ব স্বাস্থ্য সংস্থাই।

    এই মাৰাত্মক ভাইৰাছৰ আৰম্ভণি হৈছিল চীনৰ যুহান প্ৰদেশত। যি ভাইৰাছে এতিয়া ত্ৰাহি মধুসুধন সোৱৰাইছে বিশ্বৰ সকলো লোককে। এই নৰযজ্ঞ চলোৱা ভাইৰাছে বৰ্তমানলৈ বিশ্বৰ প্ৰাণ কাঢ়িছে ২ লাখৰো অধিক লোক। আৰু মাথো এটা বা দুটা দিনৰ ভিতৰতেই হয়তো এই মৃতকৰ সংখ্যাই পাৰ কৰিব ৩ লাখৰ ঘৰ।

    WHOৰ জৰুৰীকালীন বিষয়ৰ সঞ্চালক মাইকেল ৰায়ানে জেনেভাৰ এক ভাৰ্চুৱেল সংবাদমেলত বুধবাৰে কয় যে কৰ’ণা আমাৰ মাজৰে এনে এক ভাইৰাছলৈ ৰূপান্তৰ হ’ব পাৰে যি আনতকৈ পৃথক আৰু হয়তো কেতিয়াও শেষ নোহোৱা বিধৰ। HIV ৰোগৰ উদাহৰণ দি কয় যে, এই ভাইৰাছো শেষ নাই হোৱা।

    কেৱল WHO–এই নহয় বিশ্বৰ বিভিন্ন বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে যে হয়তো এনে কোনো ভেকচিন কেতিয়াও প্ৰস্তুতেই নহ’ব। বিশ্বৰ বিভিন্ন দেশে নিজৰ লকডাউন শিথিল কৰা আৰম্ভ কৰিছে আৰু টেডৰছে সকীয়নি প্ৰদান কৰিছে যে ইয়াৰ জৰিয়তে সংক্ৰমণ দ্ৰুত গতিৰে বাঢ়িব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, যদি ভেকচিন প্ৰস্তুত হৈও যায় তেতিয়াও সমগ্ৰ বিশ্বত ইয়াক বলৱত্‍ কৰিবলৈ যথেষ্ট সময় লাগিব পাৰে।

    Photo Credit: Al Jazeera , The Straits Times

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING