ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে। কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৩৫৬১জন লোক নতুনকৈ আক্ৰান্ত হৈছে কৰ’ণাত আৰু ৮৯জন লোকৰ মৃত্যু হৈছে।
বৰ্তমান দেশজুৰি কৰ’ণা পজিটিভ লোকৰ সংখ্যা হৈছে ৫২,৯৫২জন, ইয়াৰে ৩৫,৯০২ সক্ৰিয়, ১৫,২৬৭জন লোক সুস্থ হৈ উঠিছে অথবা তেওঁলোকক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে আৰু ১৭৮৩জন লোকৰ মৃত্যু হৈছে। আনহাতে, আজি ৰাজস্থানত ৩৮জন আৰু ওড়িশাত ২০জন লোক নতুনকৈ আক্ৰান্ত হৈছে।
দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ সৈনে ক’লে যে দিল্লীত বৰ্তমানলৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে মুঠ ৫,৫৩২জন লোক। ইয়াৰে ৪২৮জন লোক বুধবাৰে আক্ৰান্ত হৈছে। ৩,৯২৫ সক্ৰিয়, ইয়াৰে ৮৪জন লোক ICUত ভৰ্তি আৰু ১২জন লোকক ভেণ্টিলেটৰত ৰখা হৈছে।
Photo crdit: scroll.in