আজি লকডাউনৰ প্ৰথম পৰ্যায়ৰ অন্তিম দিন।আজি পুৱা ১০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰে দেশবাসীক।লক ডাউন সন্দৰ্ভত মোদীয়ে কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা।
কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ সমগ্ৰ দেশতে লক ডাউনৰ সময়সীমা বৃদ্ধি কৰা হ’ল ৩ মে’লৈ।এয়া কৰ’ণা সংক্ৰমণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ চতুৰ্থটো সম্বোধন। অহা ৩ মে’লৈকে দেশৰ জনসাধাৰণে লক ডাউনৰ নিয়ম পালন কৰিব লাগিব।
তেওঁ কয় যে ৰাজ্যসমূহৰ লকডাউন বৃদ্ধি কৰাৰ পৰামৰ্শ গ্ৰহণ কৰি এই সিদ্ধান্ত ঘোষণা কৰা হৈছে।অহা ২০ এপ্ৰিললৈকে ৰাজ্যসমূহৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হ’ব।লকডাউনৰ সময়ছোৱাত কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলিও প্ৰধান মন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে।
তদুপৰি, লকডাউনৰ বিস্তৃত নীতি-নিৰ্দেশনা কাইলৈ জাৰি কৰা হ’ব বুলিও সদৰী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা ২৪ মাৰ্চত ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ আজি সামৰণি পৰিব।
সমগ্ৰ বিশ্বতে মাৰাত্মক মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ ফলত বৰ্তমানলৈকে বিশ্বত এই মহামাৰীৰ ফলত ১৯,২০,৬১৮জন লোক আক্ৰান্ত হৈছে। মৃত্যুৰ সংখ্যা এতিয়ালৈ ১,১৯,৬৬৬জন হৈছে।
ভাৰতত এতিয়ালৈ ৮৯৮৮জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ৩৩৯জন লোকৰ মৃত্যু ঘটিছে। অসমত মঙলবাৰে আন এগৰাকী কৰ’ণা ভাইৰাছ পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ অহাৰ পাছত ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩১জনলৈ বৃদ্ধি পাইছে। অসমত এতিয়ালৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ এজন লোক মৃত্যুমুখত পৰিছে।
Photo Credit: Twitter