সমগ্ৰ বিশ্বকে ত্ৰাসিত কৰিছে কৰ’ণা ভাইৰাছে। এই মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমণ কমক চাৰি বাঢ়িছেহে। ভাৰততো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ভাৰতৰ এচাম অবিবেচকী লোকৰ কাণ্ডই কৰ’ণা অধিক ৰূপত বিস্তাৰিত কৰাৰ আশংকা বৃদ্ধি কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে জাৰি কৰা লক ডাউনতো মানুহ ঘৰৰ বাহিৰ হ’বলৈ এৰা নাই। বাৰম্বাৰ গৃহবন্দী হৈ থাকিবলৈ অনুৰোধ আৰু আহ্বান কৰাৰ পিছতো এচামে কৰিছে আওকাণ। কৰ’ণাত আক্ৰান্তৰ চিকিৎসাৰ খৰচ বহন কৰিব চৰকাৰে।
কিন্তু আপোনাৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি আছে নেকি সেই পৰীক্ষা আপুনি নিজেই কৰিব লাগিব। ভাইৰাছ ধৰাৰ পিছতহে চৰকাৰে ল’ব আপোনাৰ দায়িত্ব। যথেষ্ট খৰছী এই কৰ’ণা ভাইৰাছৰ পৰীক্ষা। চৰকাৰী চিকিৎসালয়ত বিনামূলীয়াকৈ পৰীক্ষা কৰা হয়।
কিন্তু চৰকাৰী চিকিৎসালয়ত কৰ’ণা ভাইৰাছ পৰীক্ষণৰ সীমিত পৰীক্ষণ সঁজুলি থকা বাবে শেহতীয়াকৈ চৰকাৰে এটা ব্যক্তিগত পৰীক্ষাগাৰক দিছে কৰ’ণা ভাইৰাছ পৰীক্ষণৰ অনুমতি তথা দায়িত্ব। এই ব্যক্তিগত পৰীক্ষাগাৰে কৰ’ণা ভাইৰাছ পৰীক্ষণৰ বাবদ আপোনাৰ পৰা আদায় ল’ব ৪,৫০০ টকা। যি হাৰত বিশ্বজুৰি মহামাৰীৰ ৰূপ ধৰি কৰ’ণাৰ সংক্ৰমণ ঘটিছে তাৰবাবে আপুনি কেৱল চৰকাৰী চিকিৎসালয়লৈ আশা কৰি ৰৈ নাথাকি ব্যয়বহুল হ’লেও ৪,৫০০ টকা ভৰিয়েই কৰিব লাগিব কৰ’ণা ভাইৰাছৰ পৰীক্ষা। সেয়ে এই সংকটৰ সময়ত নিজক সাৱধানে ৰাখক আৰু সুৰক্ষিত থাকক।
Photo Credit: India Today