ভাৰতত কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। বৰ্তমানলৈ দেশত কৰ’ণাৰ মুঠ ৰোগী হৈছে মুঠ ১৯ হাজাৰ ৯৮৪জন। মৃত লোকৰ সংখ্যা হৈছে ৬৪০জন। বিগত ২৪ ঘণ্টাত ৫০জন লোকৰ মৃত্যু হৈছে। নয়দাত বৃদ্ধি হোৱা সংক্ৰমণ ৰোধ কৰিবলৈ নয়দা-দিল্লী বৰ্ডাৰ ছীল কৰি দিয়া হৈছে। মহাৰাষ্ট্ৰত কৰ’ণাৰ আতংক অব্যাহত। ২৪ ঘণ্টাত ৫৫২জন এই ভাইৰাছত আক্ৰান্ত হৈছে। ইফালে মুম্বাইত আক্ৰান্তৰ সংখ্যাই ৩৫০০ঘৰ স্পৰ্শ কৰিছে। গুজৰাটটো কৰ’ণা ৰোগীৰ সংখ্যাই দুই হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে।
কৰ’ণা ভাইৰাছক লৈ স্বাস্থ্য মন্ত্ৰালয়ে জনালে যে বিগত ২৪ ঘণ্টাত নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে ১৩৮৩জন লোক আৰু মৃত্যু হৈছে ৫০জন লোকৰ। ৰাজস্থানত কৰ’ণা ভাইৰাছৰ ফলত আৰু এজন লোকৰ মৃত্যু হয়। ৫৫ বছৰীয়া এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ। ৰাজস্থানত কৰ’ণা ভাইৰাছৰ ফলত বৰ্তমানলৈ ২৭জনৰ মৃত্যু হয়।
বিজেপিৰ অধ্যক্ষ জেপি নড্ডাই টুইটাৰযোগে ক’লে যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’ণা ভাইৰাছৰ সৈতে যুঁজ দিবলৈ বিশ্বৰ নেতৃত্ব কৰি আছে। এফালে ভাৰতীয়ৰ সুৰক্ষা সুনিশ্চিত কৰা আৰু আনফালে আন দেশসমূহক প্ৰয়োজনীয় আৱশ্যকতা পূৰণ কৰা।
ৰাজস্থানত কৰ’ণাত নতুনকৈ আক্ৰান্ত হৈছে ৬৯জন লোক। আজি আক্ৰান্ত হৈছে ১৩৩জন লোক। ৰাজ্যখনত মুঠ ১৮৬৮জন লোক আক্ৰান্ত হৈছে, ইয়াৰে ২৫জন লোকৰ মৃত্যু হৈছে।
Photo credit: m.economictimes.com