Skip to content

মুম্বাইৰ ধাৰাবীত কোবিড-১৯ৰ ফলত তৃতীয়জন লোকৰ মৃত্যু, ১৪জন লোক কৰ’ণা পজিটিভ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলত বিগত ২৪ ঘণ্টাত ১৭জন লোকৰ মৃত্যু ঘটিছে আৰু এইপৰ্যন্ত ১৬৬জন লোকৰ মৃত্যু হৈছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

বিএমচিৰ ৰিপৰ্ট অনুসৰি আজি ধাৰাবীত তৃতীয়জন কৰ’ণা সংক্ৰমিত লোকৰ মৃত্যু হয়। ধাৰাবীত কল্যাণবাড়ীৰ এজন ৭০ বছৰীয়া মহিলাৰ দেহত কৰ’ণা পজিটিভ পোৱা যায় আৰু পেৰলৰ কেইএম হাস্পতালত কেইটামান ঘণ্টাৰ পিছত মৃত্যুক সাৱটি লয়। এই মহিলাগৰাকীৰ সংস্পৰ্শত অহা লোকৰ তদন্ত কৰা হৈছে। ধাৰাবীত মুঠ ১৪জন লোকৰ দেহত কৰ’ণা পজিটিভ পোৱা গৈছে আৰু এইপৰ্যন্ত ৩জনৰ মৃত্যু হৈছে।

দেশজুৰি কৰ’ণা ভাইৰাছৰ প্ৰভাৱ বৃদ্ধি হৈ গৈ আছে আৰু বৃহস্পতিবাৰৰ পুৱালৈ ৫৪০টা নতুন ঘটনা পোহৰলৈ অহাৰ পিছত কৰ’ণা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি হৈ হৈছে ৫৭৩৪জন। কৰ’ণা ভাইৰাছ মহামাৰীৰ ফলত বিগত ২৪ ঘণ্টাত ১৭জন লোকৰ মৃত্যু ঘটিছে আৰু এইপৰ্যন্ত ১৬৬জন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি কৰ’ণা ভাইৰাছৰ মুঠ ৫৭৩৪টা ঘটনাৰ ভিতৰত ৫০৯৫টা এক্টিভ। ইয়াৰোপৰি ৪৭৩জন লোক সম্পূৰ্ণভাৱে সুস্থ আৰু তেওঁলোকক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।

পুৱা ৮ বজালৈ কৰ’ণা ভাইৰাছৰ ফলত সৰ্বাধিক ৭২জন লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১৩২৪জন।

Photo credit: gulftoday

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp