ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈয়ে আছে। বৰ্তমান দেশত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যাই ১ লাখৰ অতিক্ৰম কৰিলে। বিগত ২৪ ঘণ্টাত ৪,৯৭০জন লোক কৰ’ণাত আক্ৰান্ত হৈছে। আনহাতে ১৩৪জন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত বৰ্তমানলৈ ১ লাখ ১১৩৯জন লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত। ইয়াৰে ৩১৬৩জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ৩৯১৭৪জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে। দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়সীমা ৩১ মে’ত অন্ত পৰিব।
উল্লেখ্য যে ভাৰতৰ ভিতৰত মহাৰাষ্ট্ৰত অধিক লোক প্ৰভাৱিত হৈছে কৰ’ণা ভাইৰাছৰ ফলত। মহাৰাষ্ট্ৰত ৩৫ হাজাৰ অতিক্ৰম কৰিলে আক্ৰান্ত লোকৰ সংখ্যাই। বৰ্তমান ৰাজ্যখনত ৩৫০৫৮জন লোক আক্ৰান্ত হৈছে। ১২৪৯জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮৪৩৭জন লোক সুস্থ হৈ উঠিছে।
৩০ জানুৱাৰীত ভাৰতৰ প্ৰথমজন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছিল। ২ মাহৰ ভিতৰত ভাৰতত ১০ হাজাৰ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে। ১৩ এপ্ৰিলত দেশত কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা ১০ হাজাৰ অতিক্ৰম কৰিছিল। যদি মে’ মাহটোৰ কথা কোৱা যায় তেন্তে ১৬ আৰু ১৭ মে’ এই দুটা দিনতে ১০ হাজাৰতকৈ অধিক লোক কৰ’ণাত আক্ৰান্ত হৈছে। ১৭ মে’ত ২৪ ঘণ্টাৰ ভিতৰত ৫২০০জনতকৈও অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছৰ ফলত আনহাতে ১৬ মে’ত ৪৮০০তকৈ অধিক লোক আক্ৰান্ত হৈছে।
Photo: weather.com