লখিমপুৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বিধ্ৱংসী অগ্নিকাণ্ডৰ ঘটনা। লখিমপুৰৰ চাপৰিগাঁৱৰ কৃষ্ণনগৰত সংঘটিত হয় এই ঘটনা ৷ অগ্নিকাণ্ডত থিতাতে নিহত এগৰাকী মহিলা ৷ মৃত মহিলাগৰাকীৰ নাম নাজিমা আনচাৰী ৷
দিলোৱাৰ আনচাৰী নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। জুইত লোকজনৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত ৰাজু আনচাৰী নামৰ এজন লোক আৰু ১৫ মহীয়া এটি কণমানি।
আহতসকলক ততাতৈয়াকৈ উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বাসগৃহৰ লগতে এখন ব্যৱসায়িক প্ৰতিষ্ঠানো ভস্মীভূত হয় এই অগ্নিকাণ্ডত।