Skip to content

দৰঙৰ কুঁৱৰী পুখুৰী মডেল হস্পিতালত প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
ৰাইজৰ অভিযোগ মতে নিশাৰ ভাগত এই আদৰ্শ চিকিৎসালয়খনত জৰুৰীভাৱে নাথাকে কোনো এজন চিকিৎসক
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

গ্ৰামাঞ্চলত থকা অধিকাংশ মডেল হস্পিতাল নামতহে চলি আছে৷ জৰুৰীভাৱে চিকিৎসা কৰিবলৈ নাথাকে কোনো চিকিৎসক৷ দৰং জিলাৰ কুঁৱৰী পুখুৰী মডেল হস্পিতালত চিকিৎসকৰ অভাৱত এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে, কুঁৱৰী পুখুৰী গাঁৱৰ নুৰ ইছলামৰ পত্নী মিৰজিনা বেগমক প্ৰসূতিৰ বেদনাত কালি নিশা কুঁৱৰী পুখুৰী হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়খনত ডাক্তৰৰ সলনি এগৰাকী নাৰ্চ আৰু এগৰাকী নৈশ চকীদাৰ উপস্থিত থাকে। কিন্তু উপায়বিহীন অৱস্থাত উক্ত চিকিৎসালয়খনত চিকিৎসক নথকাৰ ফলত মহিলাগৰাকীয়ে সন্তান জন্ম দিয়ে যদিও উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আজি পুৱতি নিশা প্ৰসুতিগৰাকীৰ মৃত্যু হয়৷

মহিলাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে স্থানীয় ৰাইজ চিকিৎসালয়খনত উপস্থিত হৈ এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি কৰে৷ ৰাইজৰ অভিযোগ মতে নিশাৰ ভাগত এই আদৰ্শ চিকিৎসালয়খনত জৰুৰীভাৱে নাথাকে কোনো এজন চিকিৎসক৷ পিছত দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ লগতে খাৰুপেটীয়া থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো আৰক্ষীৰ গাড়ীত তুলিবলৈ চেষ্টা কৰে যদিও উপস্থিত ৰাইজে মৃতদেহটো নিবলৈ বাধা প্ৰদান কৰে৷

পিছত খাৰুপেটীয়া থানাৰ আৰক্ষীৰ বিষয়া গৰাকীয়ে ৰাইজক বুজনি দিয়াতহে মৃতদেহটো চিকিৎসালয়ৰ পৰা মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰে৷ চিকিৎসালয়টোত নিশাৰ ভাগত চিকিৎসকৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীক দাবী জনাইছে স্থানীয় ৰাইজে।

Photo Credit: @rikidas

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp