বলিউডৰ এক বিশেষ ব্যক্তিত্ব ডেনী ডেনজোংপা। এটা সময়ৰ জনপ্ৰিয় ভিলেইন। সেই ডেনীৰ সুন্দৰ সিথিল চেহেৰাৰ পুত্ৰ এইবাৰ ছবিজগতত। অতি শীধ্ৰেই আহি আছে ডেনী পুত্ৰ ৰিনজিঙৰ প্ৰথমখন অভিষেক ছবি ‘স্ক’ৱাড’।

একচন ধৰ্মী এই ছবিখনত ৰিনজিঙৰ বিপৰীতে থাকিব মালবিকা ৰাজ। এই ছবিখন দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীৰে হ’ব অভিষেক ছবি।

উল্লখ্য যে আৰম্ভণিতে ছবিৰ প্ৰতি কোনো আগ্ৰহ নাছিল ৰিনজিঙৰ। পিছে পিছলৈ বাল্যবন্ধু টাইগাৰ শ্ৰফৰ ছবি দেখি নিজেও মন মেলে ছবিলৈ। বৰ্তমানে পূৰ্ণ গতিত শ্বুটিং চলি থকা ছবিখন চলিত বৰ্ষৰে শেষলৈ মুক্তি পাব।

Photo:@prakashadhikari