24 C
Guwahati
Tuesday, May 18, 2021
More

    ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ মৃতদেহ, তামুলপুৰত চাঞ্চল্য

    প্ৰাতঃভ্ৰমণলৈ অহা স্থানীয় লোকে ঘাইপথৰ দাঁতিতে থকা এটি জিৰণি চ'ৰাত প্ৰায় ৪৫ বছৰীয়া লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক

    বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ অধীনৰ পঠালিকুছিত এজনৰ মৃতদেহ উদ্ধাৰ। জানিব পৰা নাই ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হোৱা মৃত লোকজনৰ পৰিচয়। প্ৰাতঃভ্ৰমণলৈ অহা স্থানীয় একাংশ লোকে ঘাইপথৰ দাঁতিতে থকা এটি জিৰণি চ’ৰাত প্ৰত্যক্ষ কৰে লোকজনৰ মৃতদেহ।

    লগে লগে ৰাইজে তামুলপুৰ থানাত খবৰ দিয়াত গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাস সহ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু স্থানীয় ৰাইজৰ সহযোগত থানালৈ লৈ যায় লোকজনৰ মৃতদেহটো। প্ৰায় ৪৫ বছৰীয়া লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING