Home Khabar অসম লোকগীতৰ সম্ৰাজ্ঞীৰ ১৭ সংখ্যক মৃত্যু বাৰ্ষিকীত একাজঁলি শ্ৰদ্ধাঞ্জলি

লোকগীতৰ সম্ৰাজ্ঞীৰ ১৭ সংখ্যক মৃত্যু বাৰ্ষিকীত একাজঁলি শ্ৰদ্ধাঞ্জলি

২০০২ চনৰ আজিৰ এই দিনটোতেই গোৱালপাৰাৰ নিজা বাসগৃহত মৃত্যুশয্যাত পৰিছিল এইগৰাকী যশস্বাীশিল্পীয়ে

0
59

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ১৭ সংখ্যক মৃত্যু বাৰ্ষিকী। ২০০২ চনৰ আজিৰ এই দিনটোতেই গোৱালপাৰাৰ নিজা বাসগৃহত মৃত্যুশয্যাত পৰিছিল এইগৰাকী যশস্বাীশিল্পীয়ে। গোৱালপাৰাৰ ৰাজ পৰিয়ালৰ এইগৰাকী সাধাৰণ কন্যা পিছলৈ হৈ পৰে সংগীত জগতত ধ্ৰুৱতৰা। লোকগীতৰ জগতত একছত্ৰী সম্ৰাজ্ঞী। যি পৰৱৰ্তী সময়ত হস্তীৰ কন্যা নামেৰেও পৰিচিত হৈ পৰে।

হাতীৰ পিঠিত উঠি বনত চিকাৰ কৰি ঘুৰি ফুৰা এই গৰাকী ৰাজকন্যাই প্ৰথমে কেৱল মাউট সকলৰ বাবে, হাবী-বনৰ বাবে, নিজৰ বাবে মুখে মুখে বাগৰি অহা গীতবোৰ গাইছিল। জ্যেষ্ঠ ভগ্নীক লগত লৈ কলিকতাতো গৈ দুইএখন মঞ্চত গীত গাইছিল প্ৰতিমা বৰুৱাই। পিছে শিল্পীৰ প্ৰকৃত মান আৰু যশ পাই ভুপেন হাজৰিকাক লগ পোৱা পিছৰ পৰাহে। এদিন ভুপেন হাজৰিকাই সেই গীত আৰু দৰদ ভৰা কণ্ঠ শুনি প্ৰতিমা বৰুৱাক ওলাই লৈ আহে সংগীতৰ প্ৰকৃত জগত খনলৈ।

অনাতাঁৰ কেন্দ্ৰতো হৈ পৰে নাম থকা শিল্পী, অসমৰ লগতে ভাৰতৰ মানুহেও শুনিবলৈ ধৰিলে এই দৰদভৰা কণ্ঠৰ লোকগীত। এইগৰাকী যশস্বী শিল্পীৰ জৰিয়তেই অসমৰ লগতে ভাৰতৰ সংগীত জগতত স্থান পাই গোৱালপৰীয়া লোকগীতে। গোৱালপৰীয়া লোকগীতক বিশ্বদৰবাৰত প্ৰতিস্থা কৰাৰ বাবেই প্ৰতিমা বৰুৱা পাণ্ডেই লাভ কৰে দেশৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্মশ্ৰী সন্মান, লগতে লাভ কৰে সংগীত নাট একাডেমি বঁটা। ইয়াৰ উপৰিও এই গৰাকী শিল্পীৰ জীৱনআধাৰত নিৰ্মিত হয় কেইবাখনো তথ্যচিত্ৰও।

Photo Credit: oxomiyajiyori twitter