শুকুৰবাৰে জয়পুৰ বোমা বিস্ফোৰণ ২০০৮ৰ ৪ দোষীক মৃত্যুদণ্ডৰ ৰায়। ১১ বছৰ ৭ মাহৰ পিছত ফাঁচীৰ ৰায়। বিশেষ আদালতৰ ন্যায়াধীশ অজয় কুমাৰ শৰ্মাই চৰবৰ আজমী, মহম্মদ শ্বেফ, চেফুৰ ৰহমান আৰু চলমানক ফাঁচীৰ ৰায় দিলে। বিস্ফোৰণত জড়িত ৪ অভিযুক্তক দোষী সাব্যস্ত কৰাৰ পিছত বৃহস্পতিবাৰে এই সন্তৰ্ভত যথেষ্ট বিতৰ্ক হৈছিল। বিতৰ্কৰ পূৰ্বে ৪ দোষীক কটকটীয়া নিৰাপত্তাৰে আদালতলৈ অনা হৈছিল।
উল্লেখ্য যে ২০০৮ৰ ১৩ মে’ত গুলাবী নগৰীত ৮টা স্থানত ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণ হৈছিল। বিস্ফোৰণত ৭১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৮৫ গৰাকী লোক আহত হৈছিল। আদালতে চৰবৰ আজমী, মহম্মদ শ্বেফ, চেফুৰ ৰহমান আৰু চলমানক হত্যা, ৰাষ্ট্ৰদ্ৰোহ আৰু বিস্ফোৰক অধিনিয়মৰ আধাৰত দোষী সাব্যস্ত হৈছিল।
Photo credit: freepressjournal.in