17 C
Guwahati
Friday, December 13, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম Mr.Universe চেম্পিয়নশ্বিপৰ ৰাণাৰ্ছআপ দীপক গগৈক উষ্ম আদৰণি শুভাকাংক্ষীৰ

    Mr.Universe চেম্পিয়নশ্বিপৰ ৰাণাৰ্ছআপ দীপক গগৈক উষ্ম আদৰণি শুভাকাংক্ষীৰ

    ইউৰোপৰ দৰে এখন আগশাৰীৰ দেশত মুঠ ২৭খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি অতিকৈ আনন্দিত দীপক গগৈ

    বডী বিল্ডিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰি নিজ মাতৃভূমিত উপস্থিত অসমৰ শিৱসাগৰৰ ডিমৌৰ সন্তান দীপক গগৈ। ইউৰোপত অনুষ্ঠিত হোৱা ‘Mr Universe’শৰীৰ চৰ্চা প্ৰতিযোগিতাত ‘ডি কেটেগৰী’ত ৰূপৰ পদক অৰ্জন কৰি অসমবাসীৰ লগতে ভাৰতবৰ্ষক গৌৰৱান্বিত কৰি তুলিলে অসম সন্তান দীপক গগৈয়ে।

    Photo Credit : Time8

    ইউৰোপৰ দৰে এখন আগশাৰীৰ দেশত মুঠ ২৭খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি অতিকৈ আনন্দিত দীপক গগৈ। নিজ সফলতাত অল আছাম বডী বিল্ডিং এছ’চিয়েচনক ধন্যবাদ জনালে দীপক গগৈয়ে। দীপক গগৈৰ এই সাফল্যত অতিকৈ আনন্দিত শুভাকাংক্ষী তথা অল আছাম বডী বিল্ডিং এছ’চিয়েচনৰ কৰ্মকৰ্তাসকল। দীপক গগৈ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনায় শুভাকাংক্ষীসকলে।

    Video : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time