30 C
Guwahati
Wednesday, June 23, 2021
More

    কেজৰীৱালৰ জয়ৰ লগতে টুইটাৰত ট্ৰেণ্ড এবছৰীয়া ‘মাফলাৰমেন’, চাওক PHOTOS

    চকুত চশমা আৰু ডিঙিত মাফলাৰ মেৰিয়াই কণমানি কেজৰিৱালৰ ৰূপ ধাৰণ কৰা দেখা গৈছে

    দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ট্ৰেণ্ডিঙলৈ লক্ষ্য কৰিলে আম আদমী পাৰ্টীৰ চৰকাৰ হ’বলৈ গৈ আছে। AAPৰ চৰকাৰ গঠন হোৱাক লৈ ছচিয়েল মিডিয়াত এতিয়া হৈছে প্ৰতিক্ৰিয়াৰ বৰষুণ। টুইটাৰত এখন ফটো যথেষ্ট ট্ৰেণ্ডিং হৈ পৰিছে। ফটোখন হৈছে এটি কণমানিৰ। চকুত চশমা আৰু ডিঙিত মাফলাৰ মেৰিয়াই কণমানি কেজৰিৱালৰ ৰূপ ধাৰণ কৰা দেখা গৈছে।

    এই ‘কণমানি কেজৰিৱাল’টোৰ নাম হৈছে অবয়ান টোমৰ। দিল্লীৰ ময়ুৰ বিহাৰত বাস কৰা ৰাহুল টোমৰৰ পুত্ৰ অবয়ান টোমৰৰ বয়স মাত্ৰ ১ বছৰ।

    অবয়ান পুৱাই পিতৃ আৰু মাতৃ মীনাক্ষী টোমৰৰ সৈতে অৰবিন্দ কেজৰিৱালৰ ঘৰত উপস্থিত হয়। ইয়াৰ পিছত পৰিয়ালৰ সৈতে কণমানি ‘কেজৰিৱাল’ উপস্থিত হয় আপৰ কাৰ্যালয়ত। অৱয়ানৰ সৈতে তাৰ ৯ বছৰীয়া ভগ্নীও উপস্থিত হয় আম আদমী পাৰ্টীৰ কাৰ্যালয়ত।

    ২০১৫ত অৱয়ানৰ ভগ্নী ফেয়ৰী টোমৰো কণমানি ‘অৰবিন্দ কেজৰিৱাল’ৰ ৰূপ লৈছিল। সেই সময়ত কেজৰিৱালে আৰু দলত থকা কুমাৰ বিশ্বাসেও ভগ্নীৰ সৈতে ফটো উঠিছিল।

    Photo credit: aajtak.intoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING