29 C
Guwahati
Saturday, September 11, 2021
More

    দিল্লী অগ্নিকাণ্ডঃ মৃতকৰ পৰিয়াললৈ ১০ লাখকৈ আৰু আহতলৈ ১ লাখ টকাৰ সাহাৰ্য ঘোষণা

    এই অগ্নিকাণ্ডত ৪৩ গৰাকী লোকৰ কৰুণ মৃত্যু হয়

    দেওবাৰে পুৱা দিল্লীৰ ৰানী ঝাঞ্চী ৰোডত এটা ফেক্টৰীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডত ৪৩ গৰাকী লোকৰ কৰুণ মৃত্যু হয়। ঘটনাৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীবালে ক’লে যে এইটো যথেষ্ট দুখৰ ঘটনা। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। লগতে ঘটনা সন্দৰ্ভত তদন্তৰ আদেশ প্ৰদান কৰে মেজিষ্ট্ৰেটক। মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকলক ১ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব। চিকিত্সাৰো সম্পূৰ্ণ খৰচ চৰকাৰে বহন কৰিব।’

    ইফালে উত্তৰ পূব দিল্লীৰ সাংসদ মনোজ তিৱাৰীয়ে ক’লে যে এয়া এক খুবেই দুখৰ ঘটনা। প্ৰাথমিক তদন্তৰ ভিত্তিত ফেক্টৰীটোত শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ঘটনাটোত মৃতকৰ পৰিয়াললৈ বিজেপিয়ে ৫ লাখ টকাকৈ আৰু আহতসকলক ২৫ হাজাৰ টকাৰ সাহাৰ্য ঘোষণা কৰিব।

    ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইটাৰযোগে সমবেদনা জ্ঞাপন কৰিলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING