কৰ’ণা প্ৰভাৱঃ দিল্লীত অনুষ্ঠিত নহয় IPLৰ মেচ, চৰকাৰে বাতিল কৰিলে প্ৰতিখন চেমিনাৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই শুকুৰবাৰে ঘোষণা কৰিলে যে ৰাজধানীত কোনোধৰণৰ সন্মিলন বা চেমিনাৰ আয়োজন কৰাত বাধা প্ৰদান কৰা হৈছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

কৰ’ণা ভাইৰাছক লৈ দিল্লী চৰকাৰে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীত এইবছৰ কোনোধৰণৰ IPL মেচ অনুষ্ঠিত নহয়। ইয়াৰোপৰি যিকোনোধৰণৰ ডাঙৰ ইভেণ্টো বাতিল কৰা হৈছে। এটা স্থানত হাজাৰৰ সংখ্যাত লোক একত্ৰিত নহ’বলৈ অৰবিন্দ কেজৰিৱালে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই শুকুৰবাৰে ঘোষণা কৰিলে যে ৰাজধানীত কোনোধৰণৰ সন্মিলন বা চেমিনাৰ আয়োজন কৰাত বাধা প্ৰদান কৰা হৈছে। চৰকাৰৰ পৰৱৰ্তী আদেশ বা নিৰ্দেশলৈ এয়া জাৰি থাকিব। দিল্লীৰ প্ৰতিগৰাকী জিলাধিকাৰীক ইয়াৰ বিষয়ে জনোৱা হৈছে।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে ক’লে যে যদি কোনো এজন লোকৰ দেহত কৰ’ণা ভাইৰাছৰ লক্ষণ দেখা পোৱা যায় বা এনেকুৱা ধৰণৰ ভয় খাই তেন্তে তেওঁ নিজে ৰাইজৰ পৰা আঁতৰত থাকক। কোনো লোকৰ ভাইৰাছৰ লক্ষণ দেখা পোৱা যায় তেন্তে সেই লোকজন ১৪ দিনলৈ ঘৰৰ ভিতৰতে সোমাই থাকক।

অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে ঘোষণা কৰিছিল যে ৰাজধানীত ৩১ মাৰ্চলৈ স্কুল-কলেজ আৰু চিনেমাহল বন্ধ ৰখা হ’ব।

Photo credit: www.iplt20.com

Related Post