উত্তৰ-পূব দিল্লীৰ কেইবাটাও এলেকাত সংঘটিত হোৱা হিংসাত্মক ঘটনাত প্ৰভাৱিত লোকসকলৰ চিকিত্সাৰ খৰচ বহন কৰিব কেজৰিৱাল চৰকাৰে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমেলযোগে এই কথা জনালে। তেওঁ ক’লে যে ভুক্তভোগী পৰিয়ালৰ সহায়ৰ বাবে দিল্লী চৰকাৰে এখন আঁচনি প্ৰস্তুত কৰি উলিয়াইছে।
মই আপোনালোকৰ ফালৰ পৰা সংগ আৰু বিশ্বাসক আশা ৰাখিছো। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ক’লে যে মৃতকৰ পৰিয়ালক ১০-১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব। লগতে গুৰতৰভাৱে আহত হোৱা লোকসকলক ২ লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ক’লে প্ৰতিবাদৰ ফলত যিসকল লোকৰ ঘৰ জ্বলিছে তেওঁলোকক ৫ লাখ টকাকৈ দিয়া হ’ব। ইয়াৰ লগতে দিব্যাংগ হোৱা লোককে একেই ধনৰাশি দিয়াৰ কথা ঘোষণা কৰে। লগতে তেওঁ ক’লে হিংসাত্মক ঘটনাত নাবালকৰ মৃত্যুটো ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব।
Photo credit: khabar.ndtv.com