কৰ’ণা ভাইৰাছৰ সংকটক দৃষ্টিগোচৰ কৰি দিল্লীত ইয়াক মহামাৰী হিচাপে ঘোষণা কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই ঘোষণা কৰি কয় যে কৰ’ণা ভাইৰাছৰ সংকটক দৃষ্টিগোচৰ কৰি সতৰ্কতা হিচাপে প্ৰতিটো চিনেমাহল ৩১ মাৰ্চলৈ বন্ধ কৰি দিয়া হ’ব। লগতে তেওঁ ক’লে যিবিলাক স্কুল-কলেজত পৰীক্ষা চলি থকা নাই, সেইসমূহ স্কুল আৰু কলেজো ৩১ মাৰ্চলৈ বন্ধ কৰি দিয়া হৈছে।
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ক’লে যে কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ দিল্লী চৰকাৰ সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই আছে। হাস্পতালসমূহো প্ৰায় প্ৰস্তুত কৰি তোলা হৈছে। বাকীসমূহ ব্যৱস্থাও কৰা হৈছে।
ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক আয়োজন কৰা হৈছে। বৈঠকতে স্কুল-কলেজ ৩১ মাৰ্চলৈ বন্ধ কৰি দিয়াৰ নিৰ্ণয় লোৱা হৈছে। ৫০০তকৈও অধিক বিছনা হাস্পতালত ৰাখি থোৱা হৈছে।
Photo Credit: business-standard.com