জামা মছজিদৰ শ্বাহী ইমাম ছৈয়দ আহমেদ বুখাৰীয়ে বুধবাৰে ক’লে যে কোভিড-১৯ মহামাৰীৰ কাৰণে দিল্লীৰ পৰিস্থিতিৰ অৱনতি ঘটিছে।
যাৰ বাবে পুনৰ বন্ধ কৰি দিয়া হ’ব পাৰে মছজিদটো।
কৰ’ণাত আক্ৰান্ত হৈ শ্বাহী ইমামৰ সচিব অমানুল্লাৰ মঙলবাৰে নিশা ছফদৰজং হাস্পতালত কৰুণ মৃত্যু হয় আৰু ইয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
মঙলবাৰে দিল্লীত নতুনকৈ ১৩৬৬জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।
এই পৰ্যন্ত ৰাজধানীখনত কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩১,৩০৯জন আৰু প্ৰাণ হেৰুৱাইছে ৯০৫জন লোকে।
বুখাৰীয়ে ক’লে, অমানুল্লাৰ দেহত কৰ’ণা পজিটিভ পোৱা গৈছিল আৰু তেওঁক ছফদৰজং হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
মঙলবাৰে হাস্পতালতে শেষবাৰৰ বাবে উশাহ লয় তেওঁ।
শ্বাহী ইমামে ক’লে দিল্লীত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা বাবে পুনৰ ঐতিহাসিক মছজিদ বন্ধ কৰাৰ ক্ষেত্ৰত ৰাইজৰ পৰা মতামত বিচাৰিছে।
তেওঁ ক’লে, বিভিন্নজনে ছচিয়েল মিডিয়া আৰু আন মাধ্যমৰ জৰিয়তে জামা মছজিদ বন্ধ কৰা সন্দৰ্ভত নিজৰ মতামত প্ৰেৰণ কৰি আছে।
আমা এদিন বা দুদিনৰ ভিতৰত মছজিদটো পুনৰ বন্ধ কৰি দিব পাৰো আৰু নামাজ পঢ়া লোকৰ সংখ্যা সীমিত কৰিব পাৰো।
চৰকাৰে আনলক-১ৰ আধাৰত দিয়া ৰেহাইৰ পিছতে ২ মাহতকৈ অধিক সময় ধৰি বন্ধ হৈ থকা জামা মছজিদটো ৮ জুনত খুলি দিয়া হৈছিল।
বুখাৰীয়ে ক’লে, মই অন্য সৰু মছজিদসমূহকো আৱেদন জনাবলৈ কৈছো যে লোকসকলে মছজিদৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়ক।
এনেকুৱা সময়ত মছজিদলৈ যোৱাটো ঠিক নহয়।
সমগ্ৰ দেশতে ৮ জুনৰ পৰা শ্বপিং মল, কাৰ্যালয়সহ ধৰ্মীয় অনুষ্ঠানসমূহ খুলি দিয়াৰ ক্ষেত্ৰত পুনঃবিচাৰ কৰাৰ আৱেদন জনাই চৰকাৰক।
Photo credit: Make My Trip