Skip to content

দিল্লীৰ ভজনপুৰাত কোচিং চেণ্টাৰৰ চাদ খহি ৫জন ছাত্ৰৰ মৃত্যু

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
বৰ্তমানলৈ ১৩জন লোকক হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমানেও ৩জন ছাত্ৰ সন্ধানহীন। উদ্ধাৰ অভিযান অব্যাহত
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

শনিবাৰে দিল্লীত এটা কোচিং চেণ্টাৰৰ চাদ খহি ৫জন ছাত্ৰৰ মৃত্যু হয়। আৰক্ষীয়ে জনোৱা অনুসৰি গোকলপুৰ ভজনপুৰাত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনাটো সংঘটিত হোৱা স্থানত এটা কোচিং চেণ্টাৰ চলি আছিল আৰু হঠাতে খহি পৰে চাদ। দুৰ্ঘটনাটোত আহত হোৱা কেইবাজনো ছাত্ৰক হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান। কোচিং পৰিচালকো এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয়।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ঘটনাস্থলীত উপস্থিত হয়। টুইটাৰযোগে এই কথা জনায়। বৰ্তমানলৈ ১৩জন লোকক হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমানেও ৩জন ছাত্ৰ সন্ধানহীন। উদ্ধাৰ অভিযান অব্যাহত।

Photo credit: latestly.com

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp