Skip to content

দিল্লী হিংসাঃ আহত ৫ জনে হেৰুৱালে প্ৰাণ, ২টা মৃতদেহ উদ্ধাৰ, মুঠ ৩৪ জনৰ মৃত্যু, ১৩০ জন গ্ৰেপ্তাৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
হিংসাক লৈ পৃথক-পৃথক থানাত ১৮টা গোচৰ ৰুজু আৰু ১৩০ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ। বুধবাৰৰ দিনটোত কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

উত্তৰ-পূব দিল্লীত ধাৰাবাহিকভাৱে ৩দিন হোৱা হিংসাত বৰ্তমানলৈ ৩৪ জন লোকৰ মৃত্যু হয়। আজি পুৱা ৫ জন আহত লোকে হেৰুৱালে প্ৰাণ। ইফালে ২টা মৃতদেহ উদ্ধাৰ হয়। ২০০তকৈ অধিক লোক হাস্পতালত ভৰ্তি, চিকিত্সাধীন কেইজনমান লোকৰ অৱস্থা যথেষ্ট সংকটজনক।

হিংসাক লৈ পৃথক-পৃথক থানাত ১৮টা গোচৰ ৰুজু আৰু ১৩০ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ। বুধবাৰৰ দিনটোত কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। কিন্তু নিশাৰ সময়ত মৌজপুৰসহ কেইবাটাও এলেকাত সৰু সৰু ঘটনা সংঘটিত হয়। দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান স্পৰ্শকাতৰ অঞ্চলসমূহত মোতায়ন কৰা হয়। লাহে লাহে দিল্লীৰ পৰিস্থিতি শান্ত হৈ পৰিছে যদিও বৰ্তমানো ঘূৰি অহা নাই পূৰ্বৰ পৰিস্থিতি।

দিল্লী হিংসাক লৈ আম আদমী পাৰ্টীৰ কাউঞ্চিলৰ তাহিৰ হুছেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে হিংসা প্ৰৰোচিত কৰাত তেওঁৰ হাত আছে। ইণ্টেলি়জেঞ্চ বিষয়া অংকিত শৰ্মাৰ মৃত্যুৰ কাৰণ তাহিৰ হুছেইন বুলি পৰিয়ালৰ অভিযোগ। তাহিৰ হুছেইনৰ বিৰুদ্ধে এইটোও অভিযোগ উত্থাপন হৈছে যে ২৫ ফেব্ৰুৱাৰীত তেওঁৰ চান্দবাগস্থিত ঘৰৰ পৰা প্ৰতিবাদকাৰীয়ে সাধাৰণ ৰাইজৰ ওপৰত শিলাবৰ্ষণ আৰু পেট্ৰ’ল বোমা নিক্ষেপ কৰে। তাহিৰে এই অভিযোগ অস্বীকাৰ কৰে কিন্তু এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত তেওঁৰ ঘৰৰ চাদত বহু পৰিমানৰ শিল আৰু পেট্ৰ’ল বোমা উদ্ধাৰ হয়।

তাহিৰ হুছেইনৰ ঘৰৰ চাদত মোনাভৰ্তি শিল আৰু পেট্ৰ’ল বোমা উদ্ধাৰ কৰা হয়। তাহিৰ বৰ্তমান নিজৰ বাসগৃহত উপস্থিত নাই। তাহিৰৰ ঘৰৰ চাদৰ পৰা শিলাবৰ্ষণ আৰু পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ ভিডিঅ’ পূৰ্বেও পোহৰলৈ আছিল কিন্তু এই কথা তেওঁ অস্বীকাৰ কৰিছিল। তেওঁ কৈছিল যে ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ ঘৰত উপস্থিত নাছিল। বিজেপি নেতাই তেওঁৰ বদনাম কৰিবলৈ ষড়যন্ত্ৰ ৰচিছে।

Photo credit: indiatoday.in

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp