Skip to content

দিল্লী হিংসাত বৰ্তমানলৈ ৪৬ জনৰ মৃত্যু, নলাৰ পৰা ওলাই আছে মৃতদেহ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
ইয়াৰ পূৰ্বে দেওবাৰেও এই এলেকাটোৰ নলাৰ পৰা উদ্ধাৰ হৈছিল ৩টা মৃতদেহ, আৰক্ষীয়ে মৃতেদহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

দিল্লীৰ হিংসা আৰম্ভ হোৱাৰ এসপ্তাহৰ পিছত ভয়ানক সত্যতা পোহৰলৈ আহিছে। হিংসা প্ৰভাৱিত এলেকাৰ নলাৰ পৰা উদ্ধাৰ হৈছে মৃতদেহ। বিগত দুদিনত এই নলাসমূহৰ পৰা ৪টা মৃতদেহ উদ্ধাৰ হৈছে।

সোমবাৰে পুৱা গকুলপুৰী নলাৰ পৰা আৰু এটা মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পূৰ্বে দেওবাৰেও এই এলেকাটোৰ নলাৰ পৰা উদ্ধাৰ হৈছিল ৩টা মৃতদেহ, আৰক্ষীয়ে মৃতেদহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

নৰ্থ ইষ্ট দিল্লীৰ হিংসাত্মক ঘটনাক লৈ বৰ্তমানলৈ দিল্লী আৰক্ষীয়ে ৩৩৪টা গোচৰ ৰুজু কৰিছে। এই সন্দৰ্ভত ৩৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৪৪টা Arms actৰ আধাৰত ৰুজু কৰা হৈছে। হিংসাত্মক ঘটনাত ৪৬জন লোকে হেৰুৱাইছে প্ৰাণ।

নিউজ এজেঞ্চী PTIৰ অনুসৰি দেওবাৰে গকুলপুৰীৰ দুটা নলাৰ পৰা ৩টা মৃতদেহ উদ্ধাৰ হৈছে। আজিও উদ্ধাৰ হৈছে এটা মৃতদেহ। কিন্তু এই মৃতদেহকেইটা দিল্লী হিংসাৰ লগত জড়িত হৈ নে নহয় এতিয়াও প্ৰকাশ পোৱা নাই।

Photo credit: PTI

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp