24 C
Guwahati
Tuesday, May 18, 2021
More

    দিল্লী হিংসাত বৰ্তমানলৈ ১০ গৰাকী লোকে প্ৰাণ হেৰুৱালে, যমুনা বিহাৰত শিলাবৰ্ষণ

    দিল্লীৰ হিংসাত্মক ঘটনাৰ ফলত নিহত হোৱা ১০ গৰাকী লোকৰ ভিতৰত অন্তুৰ্ভুক্ত হেড কনিষ্টবল ৰতনলাল। নৰ্থ ইষ্ট দিল্লীত বৰ্তমানলৈ ১৩৫ গৰাকী লোক আহত হয়

    নাগৰিকত্ব সংশোধনী আইনক লৈ আৰম্ভ হোৱা হিংসাৰ পৰা উত্তৰ-পূব দিল্লীত পৰিস্থিতি বিষম হৈ পৰাত এমাহৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে। উত্তৰ-পূব দিল্লীত সোমবাৰৰ পৰা আৰম্ভ হোৱা হিংসাত বৰ্তমানলৈ ১০ গৰাকী লোক নিহত হয়। মোজপুৰ আৰু ব্ৰহ্মপুৰী এলেকাত আজি শিলাবৰ্ষণ হয়। দিল্লীৰ হিংসাত্মক ঘটনাৰ ফলত নিহত হোৱা ১০ গৰাকী লোকৰ ভিতৰত অন্তুৰ্ভুক্ত হেড কনিষ্টবল ৰতনলাল। নৰ্থ ইষ্ট দিল্লীত বৰ্তমানলৈ ১৩৫ গৰাকী লোক আহত হয়। আজিৰ দিনটোত ৫ গৰাকী লোক নিহত হোৱাৰ লগতে সোমবাৰে মৃত্যু হৈছিল ৫জনৰ।

    বৰ্তমানেও নৰ্থ ইষ্ট দিলীৰ পৰিস্থিতি যথেষ্ট অশান্তিকৰ। অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়ন কৰা হৈছে। আজি পুৱা ৫খন বাইকত অগ্নিসংযোগ কৰে।

    Photo credit: PTI

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING