নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীত হোৱা অশান্তিকৰ পৰিস্থিতি ক্ৰমাৎ শান্ত হৈ পৰিছে। কিন্তু দিল্লীৰ ৰাজপথত বৰ্তমানেও আতংকৰ পৰিৱেশ অব্যাহত আছে, হিংসাৰ পিছত দিল্লীবাসীৰ মনৰ পৰা এতিয়াও আঁতৰা নাই ভয়-শংকা। ইফালে হিংসাত্মক ঘটনাত মৃতকৰ সংখ্যা বাঢ়িয়েই গৈ আছে। বৰ্তমানলৈ ৪২জন লোকৰ মৃত্যু হৈছে, আহত হৈছে ১০০ৰো অধিক। দিল্লীৰ গলিয়ে গলিয়ে সুৰক্ষাকৰ্মীসকলে শান্তি বজাই ৰাখিবলৈ আহ্বান জনাই আছে।
ফৰেঞ্চিক টীমে সেইখন স্থানৰ নিৰীক্ষণ কৰি আছে য’ত ২৬ ফেব্ৰুৱাৰীৰ দিনটোত ইণ্টেলিজেঞ্চ বিউৰোৰ কৰ্মচাৰী অংকিত শৰ্মাৰ মৃতদেহ উদ্ধাৰ হৈছিল। তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল চান্দবাগ এলেকাত।
Photo credit: scroll.in