দিল্লীৰ উত্তৰ-পূব এলেকাত সংঘটিত হোৱা হিংসাত্মক ঘটনাত স্থানীয় অপৰাধীয়ে মূল ভূমিকা গ্ৰহণ কৰিছে। কেইবাজনো লোকৰ পৰিচয় উলিওৱা হৈছে আৰু কেইবাজনকো গ্ৰেপ্তাৰো কৰা হৈছে। অপৰাধীৰ পৰা অবৈধ মাৰণাস্ত্ৰ আৰু কাৰ্টিজো উদ্ধাৰ কৰা হৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ৮০জনতকৈ অধিক লোক গুলি লগাৰ ফলতে আহত হৈছে। হিংসাত্মক ঘটনা সংঘটিত কৰা প্ৰায়ভাগ লোক উত্তৰ-পূব দিল্লীৰ বাসিন্দা। অভিযুক্তক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত। জাফৰাবাদত শ্বাহৰুখ নামৰ যিজন যুৱকে আৰক্ষীক লক্ষ্য কৰি পিষ্টল টোৱাইছিল সেইজন যুৱকৰো সন্ধান উলিয়াবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।
শ্বাহৰুখৰ বয়স ২৭ বছৰ আৰু ছীলমপুৰ চৌহান বাংগৰৰ বাসিন্দা। তথ্য অনুসৰি শ্বাহৰুখে জীমত যোৱাটো পচন্দ কৰে। যুৱকজনৰ বিৰুদ্ধে কোনোধৰণৰ অপৰাধজনিত গোচৰ ৰুজু নাই যদিও শ্বাহৰুখৰ পিতৃৰ বিৰুদ্ধে ড্ৰাগ পেডলাৰৰ অভিযোগত গোচৰ চলি আছে। তেওঁৰ বিৰুদ্ধে আৰু কেইবাটাও গোচৰ ৰুজু হৈছে। কিছুদিন পূৰ্বে শ্বাহৰুখৰ পিতৃ জামিনত ওলাই আহিছিল।
দিল্লী আৰক্ষীৰ Additional Commissioner অপী মিশ্ৰাই ধাৰাবাহিকভাৱে নিজৰ টীমৰ সৈতে এলেকাত ঘূৰি লোকসকলক শান্তি বজাই ৰখাৰ আহ্বান জনাই আছে। আজি হিংসা প্ৰভাৱিত এলেকাসমূহত পুৱা ৪ বজাৰ পৰা ১০ বজালৈ ১৪৪ ধাৰা শিথিল কৰি দিয়া হৈছিল। কিন্তু এই সময়খিনিত কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল। পুনৰ সন্ধিয়া ৪ বজাৰ পৰা ৮ বজালৈ ১৪৪ ধাৰা শিথিল কৰা হ’ব।
Photo credit: indianexpress.com