Skip to content

দিল্লী হিংসাঃ প্ৰতিবাদকাৰীয়ে ভাঙিলে ৱ্লেকবৰ্ড, জ্বলালে লাইব্ৰেৰী আৰু স্কুল, চাওক ফটো

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
উল্লেখ্য যে উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাত বৰ্তমানলৈ ৩৯জন লোকে প্ৰাণ হেৰুৱাইছে। ২০০জনতকৈ অধিক হাস্পতালত ভৰ্তি
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

নৰ্থ ইষ্ট দিল্লীৰ শিৱ বিহাৰ এলেকাত এনেকুৱা কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হয় যিসমূহ ঘটনাৰ ৰিপৰ্ট কৰা হোৱা নাছিল। আৰক্ষীও বৃহস্পতিবাৰৰ সন্ধিয়াহে সেই স্থানত উপস্থিত হ’বলৈ সক্ষম হয়। প্ৰায় ১ হাজাৰ শিক্ষাৰ্থী অধ্যয়ন কৰা DRP Convent Senior Secondary স্কুলখন প্ৰথমে লুটপাত চলাই পিছত অগ্নিসংযোগ কৰে। স্কুলখনৰ সমীপৰ এটা বিল্ডিঙৰ পৰা ৰচিও ওলমি আছিল আৰু সেই ৰচিৰে প্ৰতিবাদকাৰীসকল তললৈ নামিছিল।

কেৱল সিমানেই নহয় এনেকুৱা এখন ফটো পোহৰলৈ আহিছে যিখন দেখিলে আপুনিও হৈ পৰিব আচৰিত। প্ৰতিবাদকাৰীয়ে স্কুলৰ ভিতৰত শ্ৰেণীকোঠাত প্ৰৱেশ কৰি লণ্ড-ভণ্ড কৰাৰ লগতে ভাঙি দিয়ে ব্লেকবৰ্ড। স্কুলৰ লাইব্ৰেৰী পৰ্যন্ত দিয়ে জ্বলাই।

স্কুলখনৰ স্বত্ত্বাধিকাৰী ধৰ্মেশ শৰ্মাই ক’লে যে আৰক্ষী দুদিনৰ পিছত তাত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানত উপস্থিত হ’বই নোৱাৰিলে। জুই বৃহস্পতিবাৰে নিশা নিজে নিজে নিৰ্বাপন হয়। এইখন আন এখন স্কুল যিখন জ্বলোৱা হৈছিল। একে দৃশ্য দেখা পোৱা গৈছিল দিল্লীৰ ব্ৰিজপুৰী এলেকাত। দিল্লীৰ ব্ৰিজপুৰীত প্ৰতিবাদকাৰীয়ে এখন স্কুল লণ্ড-ভণ্ড কৰি অগ্নিসংযোগ কৰে। এই ঘটনা সংঘটিত হৈছিল মঙলবাৰে সন্ধিয়া।

তথ্য অনুসৰি দিল্লীৰ ব্ৰিজপুৰী এলেকাস্থিত অৰুণ মৰ্ডাণ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনত মঙলবাৰে বিয়লি ৪ বজাত প্ৰায় ৪০০ প্ৰতিবাদীয়ে প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত প্ৰতিবাদকাৰীয়ে লাইব্ৰেৰী, কম্পিউটাৰ ৰুম আৰু শ্ৰেণীকোঠাসহ কেইবাটাও স্থানত অগ্নিসংযোগ কৰে।

প্ৰতিবাদকাৰীয়ে ভাঙি দিয়ে কেমেৰা আৰু সকলো ৰেকৰ্ড জুইত জাপি দিয়। স্কুলৰ ভিতৰত থকা বাছ আৰু ডিজেল টেংকতো অগ্নিসংযোগ কৰে। যিসময়ত এই কাণ্ড সংঘটিত কৰিছিল সেইসময়ত নাছিল শিক্ষাৰ্থী।

প্ৰতিবাদকাৰীয়ে লণ্ড-ভণ্ড আৰু প্ৰতিবাদৰ আগজাননী আৰক্ষীক আগতীয়াকৈ জনাইছিল কিন্তু আৰক্ষী উপস্থিত হোৱা নাছিল।

উল্লেখ্য যে উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাত বৰ্তমানলৈ ৩৯জন লোকে প্ৰাণ হেৰুৱাইছে। ২০০জনতকৈ অধিক হাস্পতালত ভৰ্তি।

Photo credit: khabar.ndtv.com

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp