
দেশৰ ৰাজধানী দিল্লীত বিগত ৩ দিন ধৰি অব্যাহত থকা হিংসাত্মক ঘটনা সন্দৰ্ভত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে মোদী চৰকাৰক কটাক্ষ। বুধবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেলযোগে ছোনিয়া গান্ধীয়ে দিল্লীত অব্যাহত থকা হিংসাক লৈ পোনপটীয়াভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক দায়ী বুলি ক’লে আৰু তেওঁক শীঘ্ৰে পদত্যাগ কৰিবলৈ কয়। সংবাদমেলতে ছোনিয়া গান্ধীয়ে দিল্লী হিংসাক লৈ মোদী চৰকাৰক লক্ষ্য কৰি ৫টা প্ৰশ্ন উত্থাপন কৰে।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উদ্দেশ্যি ছোনিয়া গান্ধীৰ প্ৰশ্নঃ
১. বিগত দেওবাৰৰ পৰা দেশৰ গৃহ মন্ত্ৰী ক’ত আছিল আৰু কি কৰি আছিল?
২. বিগত দেওবাৰৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰী ক’ত আছিল আৰু কি কৰি আছিল?
৩. দিল্লী নিৰ্বাচনৰ পিছত ইনটেলিজেঞ্চ এজেঞ্চীৰ দ্বাৰা কি তথ্য উদঘাটন হ’ল?
৪. দেওবাৰৰ নিশাৰে পৰা কিমান আৰক্ষী বাহিনী প্ৰতিবাদস্থলীসমূহত মোতায়ন কৰা হৈছিল?
৫. যেতিয়া দিল্লীৰ পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈছিল, আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল তেতিয়া অতিৰিক্ত সুৰক্ষা কৰ্মী কিয় মোতায়ন কৰা হোৱা নাছিল?
শান্তি বজাই ৰাখিবলৈ ছোনিয়া গান্ধীয়ে দিলে উপদেশ
- গলিয়ে গলিয়ে শান্তি কমিটী নিৰ্মাণ কৰিব লাগে
- জ্যেষ্ঠ চৰকাৰী কৰ্মচাৰী প্ৰতিখন জিলাত মোতায়ন কৰিব লাগে
- দিল্লীৰ মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰিব লাগে
- কংগ্ৰেছ দলৰ লোকে শান্তি বজাই ৰাখিবলৈ আৱেদন জনাব লাগে
Photo: PTI