
৪টা দিন ধৰি চলা ধ্বংসলীলাৰ অন্ত পৰাৰ নাম নাই দেশৰ ৰাজধানী দিল্লীত। ক্ৰমান্বয়ে অধিক বেয়াৰ ফালে ঢাল খাইছে দিল্লীৰ পৰিস্থিতি। স্পৰ্শকাতৰ এলেকাত সেনাৰ ফ্লেগ মাৰ্চ। দিল্লীৰ উত্তৰ পূৱৰ বিভিন্ন এলেকা হৈ পৰিছে ৰণক্ষেত্ৰ।
উত্তৰ পূৱ দিল্লীত স্থগিত ৰখা হ’ল CBSE পৰীক্ষা। ভয়ানক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছে পাঠদান। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে জাৰি কৰিছে এই জাননী।
প্ৰতিবাদকাৰী আৰু আৰক্ষীৰে ঠায়ে ঠায়ে অব্যাহত আছে সংঘৰ্ষ। ১ মাহৰ বাবে ১৪৪ ধাৰা জাৰি কৰাৰ পিছতো নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদকাৰী ৰাজপথত। দিল্লী আৰক্ষীয়েও মোতায়েন কৰিছে বহু কেইটা আৰক্ষীৰ গোট।
বৰ্তমানলৈ মৃতকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি আনহাতে গুৰুতৰভাৱে আহত হৈ আছে ৫৬গৰাকী আৰক্ষীসহ প্ৰায় ২০০ প্ৰতিবাদকাৰী লোক। এই বিষয়ে জানিবলৈ দিয়ে জি টি বি হাস্পতাল আৰু এল এন জে পি হাস্পতালে। বৰ্তমানে আহত সকল এই দুখন হাস্পতালৰ বাহিৰেও ভৰ্তি হৈ আছে গুৰু টেগ বাহাদুৰ হাস্পতাল আৰু লোক নায়ক জয় প্ৰকাশ হাস্পতালত।
Photo credit: Firstpost