দিল্লীস্থিত ৰাষ্ট্ৰপতি ভৱন আৰু লোকসভা সচিবালয়ৰ পিছত এতিয়া কৰ’ণাই স্পৰ্শ কৰিছে বতৰ বিজ্ঞান বিভাগ। নতুন দিল্লীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এজন কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱালে কৰ’ণা ভাইৰাছৰ ফলত। মাল্টী টাস্কিং ষ্টাফত কাম কৰি থকা বতৰ বিজ্ঞান বিভাগৰ কৰ্মীৰ মৃত্যু হয় ছফদৰজং হাস্পতালত। ১৭ এপ্ৰিলত মৃত্যু হৈছিল কৰ্মীজনৰ।
লোকজনৰ মৃত্যুৰ পিছতে হুলস্থুল পৰিৱেশৰ সৃষ্টি হয় বতৰ বিজ্ঞান বিভাগত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ কেইবাগৰাকীও কৰ্মীক সতৰ্কতা অৱলম্বনৰ আহ্বান জনায়। ইয়াৰ লগতে কেন্দ্ৰটো ছেনিটাইজেছনো কৰা হয়। মৃত লোকজনৰ সংস্পৰ্শলৈ অহা ১০ গৰাকী কৰ্মীক নিজৰ গৃহতে কোৱাৰাণ্টাইন হৈ থাকিবলৈ কোৱা হৈছে। বিগত কেইটামান দিন ধৰি দিল্লীত কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে।
ভাৰতত ক’ৰণা ভাইৰাছৰ বাবে অব্যাহত আছে আতংক। ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈ ৫৯০ জন লোকৰ মৃত্যু। এতিয়ালৈকে আক্ৰান্ত হৈছে ১৪,৭৫৯ গৰকী লোক আৰু আৰোগ্য হৈছে ৩২৫১ গৰাকী লোক। ভাৰতৰ ভিতৰত সৰ্বাধিক ক’ৰণাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত। ৰাজ্যখনত ক’ৰণাত আক্ৰান্ত হৈছে মুঠ ৪,৬৬৬ গৰাকী লোক। মৃত্যু হৈছে ২৩২জন লোকৰ। দ্বিতীয় স্থানত আছে দিল্লী। দিল্লীত আক্ৰান্ত হৈছে ২০৮১ জন লোক। মৃত্যু মুখত পৰিছে ৪৭জন লোক। তৃতীয় স্থানত আছে গুজৰাট। গুজৰাটত ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈছে ১৯৩৯ জন লোক। ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৭১গৰাকী লোকৰ। চতুৰ্থ স্থানত আছে ৰাজস্থান। ৰাজস্থানত আক্ৰান্ত হৈছে ১৫৭৬জন লোক আৰু মৃত্যু হৈছে ২৫জন লোকৰ। পঞ্চম স্থানত আছে তামিলনাডু। তামিলনাডুত ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈছে ১৫২০জন আৰু মৃত্যু মুখত পৰিছে ১৭জন লোক।
Photo credit: newindianexpress.com