হায়দৰাবাদত মহিলা চিকিত্সকৰ সৈতে হোৱা দলৱদ্ধ ধৰ্ষণৰ পিছত জীৱন্ত অৱস্থাত জ্বলাই দিয়া শিহৰণকাৰী ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ দেশ আৰু এই ঘটনাটোৱে উত্তাল কৰিছে ৰাজপথৰ পৰা আৰম্ভ কৰি সংসদৰ মজিয়াও। এফালে সমগ্ৰ দেশজুৰি ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি দাবী তুলিছে আনহাতে দাক্ষিণাত্য ছবিৰ পৰিচালক ডেনিয়ল শ্ৰৱণৰ এটা আপত্তিজনক পোষ্টে তোলপাৰ লগাইছে ছচিয়েল মিডিয়া।
তেওঁ নিজৰ ফেচবুক পোষ্টত লিখিলে যে চৰকাৰে ধৰ্ষণ আইনগত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। ধৰ্ষণৰ পিছত মহিলাসকলক হত্যা কৰা হয় আৰু ইয়াৰ বাবে চৰকাৰে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাৰ জৰিয়তে ধৰ্ষণকাৰীয়ে কোনোধৰণৰ হিংসাত্মক কাণ্ড নকৰাকৈ ধৰ্ষণ কৰিব পাৰে।
তেওঁ লগতে লিখিলে, হত্যা অপৰাধ আৰু ধৰ্ষণ সংশোধনযোগ্য শাস্তি। দিশা এক্ট অথবা নিৰ্ভয়া এক্টৰ দ্বাৰা কোনোৱে ন্যায় নাপায়। ধৰ্ষণৰ এজেণ্ডা হ’ল নিজৰ ছেক্সুৱেল প্ৰয়োজন পূৰণ কৰা আৰু যিটো সময় বা মুডৰ হিচাপেহো হয় আৰু যদি সমাজ, আদালত আৰু মহিলা সংস্থাই এই অপৰাধক গুৰুত্ব প্ৰদান নকৰে তেন্তে ধৰ্ষণকাৰীয়ে ধৰ্ষণ কৰাৰ লগতে মহিলাসকলক কৰে হত্যা।
লগতে তেওঁ ক’লে যে ১৮ বছৰতকৈ অধিক বয়সৰ যুৱতীসকলক ধৰ্ষণ সন্দৰ্ভত অৱগত কৰাটো প্ৰয়োজনীয়। তেওঁলোকে পুৰুষৰ ছেক্সুৱেল প্ৰয়োজন আওকাণ কৰিব নালাগে। তেতিয়াহে এইবিলাক বন্ধ হৈ পৰিব।
পৰিচালকগৰাকীয়ে লগতে লিখিলে যে, বিশেষকৈ ভাৰতীয় মহিলাসকলে ছেক্স এডুকেশ্যনৰ বিষয়ে জনাটো প্ৰয়োজন আৰু ১৮ বছৰতকৈ অধিক বয়সৰ পিছত তেওঁলোকে লগত কণ্ডম ৰখাটো প্ৰয়োজন। মহিলাসকলে ১০০ নম্বৰ ডাইল কৰি আৰক্ষী মতাৰ পৰিৱৰ্তে নিজৰ লগত কণ্ডম ৰাখিব লাগে আৰু ধৰ্ষণকাৰীক সহযোগ কৰিব লাগে। এয়া কৰিলে মহিলাসকলক ধৰ্ষণকাৰীয়ে হত্যা কৰাৰ পৰা বিৰত থাকিব।
শ্ৰৱণৰ এই পোষ্টটোৰ পিছতে এজন ইউজাৰে কমেণ্ট কৰিলে যে আপোনাৰ মানসিক অৱস্থা ঠিক নহয় আৰু আপুনি এজন মানসিক ৰোগীক দেখুৱাই লওক তেতিয়া শ্ৰৱণে ক’লে যে যদি যুৱতীসকলে ধৰ্ষণকাৰীৰ প্ৰপ’জেলত মান্তি নহয় তেন্তে ধৰ্ষণকাৰীৰ ওচৰত ধৰ্ষণ কৰাৰ বাদে আৰু কি উপায় থাকিব।
যথেষ্ট বিবাদৰ পিছত পৰিচালকগৰাকীয়ে নিজৰ পোষ্টটো ডিলিট কৰি দিয়ে আৰু এটা নতুন পোষ্ট দিলে য’ত তেওঁ ক্ষমা প্ৰাৰ্থনাও বিচাৰিলে। তেওঁ লগতে এইটো ক’লে যে তেওঁ নিজৰ ছবিত এজন ভিলেনৰ ডাইলগ লিখি আছি