সমগ্ৰ দেশজুৰি অব্যাহত আছে কা বিৰোধী তীব্ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দেশৰ বিভিন্ন অঞ্চলত আন্দোলন তথা প্ৰতিবাদ সাব্যস্ত হৈয়ে আছে। শেহতীয়াকৈ তামিলনাডুৰ চেন্নাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিএমকে আৰু মিত্ৰজোঁটে বাহিৰ কৰে ‘মেগা ৰেলী’।
কা প্ৰত্যাহাৰৰ দাবীত অনুষ্ঠিত কৰা এই মেগা ৰেলীত অংশগ্ৰহণ কৰে প্ৰাক্তন বিত্ত মন্ত্ৰী তথা কংগ্ৰেছ নেতা পি চিদাম্বৰম। এমডিএমকেৰ নেতা ভাইকোৱেও অংশ লৈছে এই কা বিৰোধী প্ৰতিবাদত। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত ‘কা’ৰ বিৰুদ্ধে বাহিৰ কৰা হয় বিশাল প্ৰতিবাদী সমদল ‘মেগা ৰেলী’।
Photo Credit: The Statesman