কৰ’ণা ভাইৰাছৰ সংক্ৰমণ কমা নাই দেশত। লকডাউন চলি থকাৰ মাজতো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ১৫ এপ্ৰিলৰ পৰা জাৰি কৰা দেশৰ দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ অন্ত ৩ মে’ত পৰিব বুলি ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত উত্তৰপ্ৰদেশত ৩০ জুনলৈ সকলো ধৰণৰ ৰাজহুৱা সমাৱেশ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
উত্তৰ প্ৰদেশত বৰ্তমানলৈ ১,৬০৪ গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ২৪জন লোকৰ। উত্তৰ প্ৰদেশৰ পৰিস্থিতি অনুসৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জনায় যোগী চৰকাৰে।
Photo Credit: Amar Ujala