আজিৰে পৰা দেশত আৰম্ভ কৰা হৈছে ঘৰুৱা বিমান সেৱা। বহু যাত্ৰীৰ বাবে এইটো সুখবৰ কিন্তু প্ৰথম দিনটোতে যাত্ৰীসকল নিৰাশাত ভুগিবলগীয়া হৈছে। মাজনিশাই বহু যাত্ৰী বিমানবন্দৰত উপস্থিত হৈছিল কিন্তু অন্তিম সময়ত তেওঁলোকে জানিবলৈ পালে যে বিমান বাতিল হৈছে।
ঘৰুৱা বিমানসেৱাৰ আৰম্ভণিৰ প্ৰথমটো দিনত তেওঁলোকৰ আশাত চেঁচা পানী ঢালিলে। কেইবাখনো বিমান বাতিল হ’ল। দিল্লীৰ পৰা পৰ্ট ব্লেয়াৰ, কলকাতা, হায়দৰাবাদ, মুম্বাই, ইণ্ডোৰৰ বিমান বাতিল হয়। মুম্বাইতো সেই একে ঘটনা সংঘটিত হয়। গুৱাহাটীৰ বিমান বাতিল হোৱাত যাত্ৰীসকল নিৰাশাত ভোগে।
দিল্লী বিমানবন্দৰত ৮২খন বিমান বাতিল কৰা হৈছে। অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে ১৯০খন টেক অফ আৰু ১৯০খন লেণ্ডিঙৰ অনুমান কৰিছিল কিন্তু বৰ্তমান ১১৮খন বিমান লেণ্ডিং আৰু ১২৫খন বিমান টেক অফ কৰিব। ৮২খন বিমান বাতিল কৰা হৈছে।
পৃথক-পৃথক চহৰৰ বিমানবন্দৰত যাত্ৰীসকলৰ মাজতে সৃষ্টি হৈছে সমস্যাৰ। মুম্বাই বিমানবন্দৰত দিল্লীলৈ যাবলৈ ওলোৱা এজন যাত্ৰীয়ে ক’লে যে অনলাইন বিমান এতিয়াও অন টাইম দেখাই আছে। ট্ৰেভেল এজেণ্টেও কৈছে যে বিমান ১১ বজাত যাব, কিন্তু বিমানবন্দৰত কোৱা হৈছে যে বিমান বাতিল হৈছে।
দিল্লী বিমানবন্দৰত উপস্থিত হোৱাএজন যাত্ৰীয়ে ক’লে যে জি স্পাইছজেটৰ বিমানেৰে গুৱাহাটী ৰাওনা হোৱাৰ কথা আছিল। তেওঁৰ মোবাইলত কনফাৰ্ম হোৱাৰ মেছেজো আছে কিন্তু যেতিয়া বিমানবন্দৰত উপস্থিত হয় তেতিয়া তেওঁ জানিবলৈ পালে যে বিমান বাতিল হৈছে।
Photo credit: PTI