Home Khabar ৰাষ্ট্ৰীয় সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ, বৃদ্ধি পালে ৰন্ধন গেছৰ দাম

সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ, বৃদ্ধি পালে ৰন্ধন গেছৰ দাম

একেৰাহে ৩ মাহ ধৰি বৃদ্ধি পাইছে গেছ চিলিণ্ডাৰৰ মূল্য। ছেপ্টেম্বৰ, অক্টোবৰৰ পাছত নৱেম্বৰ মাহতো বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ দাম। যাৰ ফলত এতিয়া একপ্ৰকাৰ হাহাকাৰৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজত।

0
1392

দাম বৃদ্ধিৰে সাধাৰণ জনতাৰ মূৰত পুনৰ ৰামটাঙোন। বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। ইণ্ডিয়ান অইল কৰ্পৰেচনৰ মতে প্ৰতিটো ৰাজসাহায্যবিহীন গেছ চিলিণ্ডাৰত ৭৬.৫ টকাকৈ বৃদ্ধি। দিল্লীত দাম বৃদ্ধিৰে ৰাজসাহায্যবিহীন ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য এতিয়া ৬৮১.৫০ টকা।

ৰাজসাহায্যবিহীন ঘৰুৱা গেছ চিলিণ্ডাৰৰ লগতে বৃদ্ধি কৰা হৈছে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যও। ১১৯ টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম। ৩১ অক্টোবৰৰ মাজনিশাৰে পৰা কাৰ্যকৰী হৈছে চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ নতুন নিৰিখ।

উল্লেখ্য যে একেৰাহে ৩ মাহ ধৰি বৃদ্ধি পাইছে গেছ চিলিণ্ডাৰৰ মূল্য। ছেপ্টেম্বৰ, অক্টোবৰৰ পাছত নৱেম্বৰ মাহতো বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ দাম। যাৰ ফলত এতিয়া একপ্ৰকাৰ হাহাকাৰৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজত।

Photo Credit : Indiatimes.com